ETV Bharat / bharat

ছাংপোত বান্ধ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হৈছে চীন - জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদন

পূৱ তিব্বতৰ য়াৰলুং-ছাংপো নদীত বান্ধ নিৰ্মাণ কৰি চীনে কেৱল নিজৰ সুবিধা আদায় কৰিব বিচাৰিছে । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ এক প্ৰতিবেদন ।

চীনৰ বৃহৎ নদী বান্ধ
চীনৰ বৃহৎ নদী বান্ধ
author img

By

Published : Dec 14, 2020, 6:42 PM IST

Updated : Dec 14, 2020, 7:08 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : পৱিত্ৰ য়াৰলুং ছাংপো-ব্ৰহ্মপুত্ৰ নদীত বৃহৎ বান্ধ নিৰ্মাণৰ পৰিকল্পনা গৃহীত কৰিছে ৰঙা চীনে । ভাৰত আৰু বাংলাদেশৰ পৰা অহা প্ৰত্যাহ্বান আওকাণ কৰি পূৱ তিব্বতত এইদৰে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাটো চীনৰ বাবে বহুতো সমস্যাৰ সমাধানত পৰিগণিত হ'ব । অৱশ্যে এনে কৰিবলৈ যাওঁতে চীনে প্ৰযুক্তিগত দিশৰ পৰাও প্ৰত্যাহ্বান লাভ কৰিব ।

তিব্বতৰ জাংমোত ইতিমধ্যেই ৫১০ মেগাৱাট ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা চীনে খৰস্ৰোতা নৈখনত আৰু কেইবাটাও বৃহৎ নদী বান্ধৰ পৰিকল্পনা কৰিছে । চীনৰ এই পৰিকল্পনাই বহুতো কাৰণত সংবাদ শীৰ্ষ দখল কৰিছে ।

প্ৰথমে, মানৱ সভ্যতাৰ শেষৰটো প্ৰদূষণমুক্ত অঞ্চল যাক আংশিকভাৱে মানচিত্ৰত অনা হৈছে আৰু ভাৰতত প্ৰৱেশৰ পূৰ্বে এই ঠাইতে নৈখনে ক্ষীপ্ৰ ১৮০ ডিগ্ৰী ভাজ লৈছে, সেই স্থানত চীনে আন্তঃগাঁঠনিৰ লগতে মানুহৰ গতি-বিধি বৃদ্ধি কৰিব লৈছে ।

দ্বিতীয়তে, ভূ-গাঁঠনিগত দিশৰ পৰা একেবাৰে অস্থিৰ এইটো স্থানত নিৰ্মাণ হ'বলগীয়া বৃহৎ নদী বান্ধত ফাঁট মেলিলে অৰুণাচল আৰু অসমৰ লগতে বাংলাদেশত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ উপৰিও বিস্তৰ ক্ষতি সাধন হ'ব ।

তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় বিধি উলংঘন কৰি বান্ধৰ নিম্ন স্তৰৰ দেশসমূহৰ অধিকাৰ ভংগ কৰিব চীনে । ইমানখিনি সমস্যা আৰু প্ৰত্যাহ্বানৰ মাজতো নৈখনৰ লগতে ইয়াৰ উপনৈ সমূহত চীনে বান্ধৰ এটা শৃংখল গঠন কৰিব বিচাৰিছে । ইয়াৰ কাৰণ তেনেই সাধাৰণ ৷

প্ৰথমে, ইয়ে তিব্বতৰ ভিতৰুৱা অঞ্চলসমূহ মুখ্য ধাৰাৰ সৈতে সংযুক্ত কৰিব । মানৱ বিহীন এইটো অঞ্চলত ইয়াৰ দ্বাৰা চীনে নিজৰ হান ভাষিক সকলক সংস্থাপিত কৰাৰ লগতে ভাৰতীয় সীমান্তত নজৰ ৰাখিব ।

দ্বিতীয়তে, নৈখনৰ পৰা আহৰণ কৰা বিদ্যুৎ ঘৰুৱা ব্যৱহাৰৰ লগতে নেপাল, ম্যানমাৰ আৰু পূব-এছিয়াৰ দেশসমূহক বিক্ৰী কৰিব আৰু বৃহৎ মুনাফা লাভ কৰিব চীনে । চীনৰ চৰকাৰী মুখপাত্ৰ গ্লোবেল টাইমছৰ শেহতীয়া এক লেখাত প্ৰকাশ কৰিছে যে, সৰ্বাধিক সংখ্যক বিদ্যুৎ উৎপাদন কৰিব পৰা স্থানত বান্ধ সমূহ নিৰ্মাণ কৰা হ'ব । লেখাটোত উল্লেখ থকা অনুসৰি চীনে বিদ্যুৎ ৰপ্তানিৰ চাহিদাৰ বাবে বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব । ইতিমধ্যে নেপাললৈ বুলি উচ্চ ক্ষমতা সম্পন্ন তাঁৰ সংযোগ কৰা হৈছে আৰু বিদ্যুৎ উৎপাদন আৰম্ভ হ'লেই চুবুৰীয়া দেশসমূহৰ উন্নয়নৰ বাবে ইয়াক ব্যৱহাৰ কৰা হ'ব ।

কূটনৈতিকভাৱে ইয়ে ভাৰতৰ পূৱলৈ চোৱা নীতিক পিছলৈ থেলি দিব । তৃতীয়তে, চীনে কাৰ্বন নিৰ্গমন ৰোধ কৰি পুনৰ-ব্যৱহৃত অজৈৱিক ইন্ধনৰ ওপৰত অধিক মনোনিৱেশ কৰিছে । ২০৩০ৰ ভিতৰত কাৰ্বন নিৰ্গমন নাশ কৰি ২০৬০লৈ এইক্ষেত্ৰত নিৰপেক্ষ স্থানত উপনীত হোৱাৰ এক মহান অভিলাষী পৰিকল্পনা লৈছে চীনে ।

দেওবাৰে এই সন্দৰ্ভত চীনৰ শীৰ্ষ জৈৱ-বৈচিত্ৰ উপদেষ্টা ছি জেনহুৱাই চাইনা চেণ্ট্ৰেল টেলিভিছনৰ এক সাক্ষাৎকাৰত কয় যে, “ইয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিশ্বাসক আগত ৰাখি কাৰ্বন নিৰ্গমন নিৰপেক্ষতাত চীনৰ সময়লানি আৰু গতিপথ সম্পৰ্কে বুজোৱাত সহায় কৰিব ।”

জৈৱ-বৈচিত্ৰ পৰিৱৰ্তনৰ বিৰুদ্ধে চলি থকা যুঁজত ইয়ে পশ্চিম আৰু আমেৰিকাৰ প্ৰতি চীনৰ বাট মুকলি কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ সন্মান আৰু বৃদ্ধি পাব । চতুৰ্থতে, বেইজিঙক প্ৰত্যাহ্বান জনাব পৰা উত্থানকাৰী শক্তি হিচাপে ভাৰতৰ সৈতে এই বান্ধ নিৰ্মাণৰ পিছত এক মতবিৰোধ লৈ যাব । অসম আৰু বাংলাদেশৰ পানীৰ উৎসৰ ওপৰত অধিকাংশ নিয়ন্ত্ৰণ তেতিয়া চীনৰ হাতত থাকিব ।

লগতে পঢ়ক : ছৌদিৰ শীৰ্ষ সেনা বিষয়াৰ সৈতে আলোচনাত মিলিত জেন. নাৰাভানে

Last Updated : Dec 14, 2020, 7:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.