নিউজ ডেস্ক, 12 আগষ্ট : প্ৰতিৰক্ষা বাহিনীক সকাহ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনীৰ বাবে অনুমোদন জনাইছে বৃহৎ পৰিমানৰ ধনৰাশি ৷ দেশৰ প্ৰতিৰক্ষা খণ্ডৰ ক্ৰয়-বিক্ৰয়ৰ সৈতে জড়িত থকা প্ৰতিৰক্ষা আৰ্জন আয়োগ (DAC)এ মঙলবাৰে অনুমোদন জনায় 8হাজাৰ কোটি টকা ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা আয়োগৰ এখন বিশেষ সভাত আয়োগক বিভিন্ন মুলধন তথা অস্ত্ৰ-প্ৰণালী আৰু প্লেটফৰ্ম ক্ৰয় কৰিবলৈ তথা আত্মনিৰ্ভৰ ভাৰতক সঁচা অৰ্থত পালন কৰিবলৈ 8,722.38 কোটি টকাৰ অনুমোদন দিয়া হয় ৷
হিন্দুস্তান এৰ'নটিকছ লিমিটেডে সফলতাৰে পূৰ্ণ কৰি তোলা Basic Trainer Aircraft (HTT-40)ৰ প্ৰট'টাইপছ আৰু ইয়াৰ পঞ্জীয়ন চলি থকাৰ মাজতে আয়োগে ভাৰতীয় বায়ুসেনাৰ বাবে 106খন প্ৰশিক্ষণকাৰী বিমান ক্ৰয় কৰিবলৈ লিমিটেডক প্ৰস্তাৱ প্ৰদান কৰিছে ৷ 70খন পঞ্জীয়নভুক্ত প্ৰশিক্ষণ বিমান (HTT-40)ক প্ৰথমে বায়ুসেনাত সংযোজন কৰাৰ লগতে বাকী 36খনৰে বায়ুসেনাৰ প্ৰশিক্ষণ ফ্লীটক সমতা প্ৰদান কৰিব আয়োগে ৷
ভাৰতীয় বায়ুসেনাৰ দৰেই নৌ-সেনাৰ মাৰক ক্ষমতা বৃদ্ধি কৰি তুলিবলৈ আয়োগে Super Rapid Gun Mount (SRGM) ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে ৷ Super Rapid Gun Mount (SRGM) হৈছে ভাৰতীয় নৌ-সেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ যুদ্ধজাহাজত সংযোজিত হৈ থকা টোপ তথা বন্দুকৰ ভিতৰত প্ৰধান ৷ আয়োগে আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত ভাৰত হেভী ইলেক্ট্ৰিকেলছ লিমিটেড (BHEL)ৰ পৰা এইসমূহ উন্নত SRGM ক্ৰয় কৰিব ৷ এই উন্নত SRGMএ ঘুৰ্নণশীল ক্ষেপনাস্ত্ৰ আৰু অন্যান্য ক্ষীপ্ৰতাৰে আক্ৰমণকাৰী জাহাজক সহজেই বাধা প্ৰদান কৰি ধ্বংসপ্ৰাপ্ত কৰিব পৰা ক্ষমতাৰে সংযুক্ত হোৱাৰ লগতে ইয়াৰ নিৰ্ধাৰিত লক্ষ্যস্থানৰ সীমাও বৃদ্ধি কৰিব ৷
দেশত স্বদেশী শস্ত্ৰৰ বিকাশত উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আয়োগে 125MMৰ APFSDS (Armour Piercing Fin Stabilized Discarding Sabot)ৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে ৷ এয়া স্থলসেনাৰ বাবে ক্ৰয় কৰা হ'ব তথা ইয়াক ভাৰততে স্বদেশী প্ৰযুক্তিৰ সহায়ত বিকাশ তথা প্ৰস্তুত কৰি তোলা হ'ব ৷ আয়োগে ইয়াৰ উপৰিও AK203 ৰাইফল আৰু মানৱবিহীন আকাশী বাহনৰ বাবেও প্ৰতিৰক্ষা মন্ত্ৰালয়ক অনুমোদন জনাইছে ৷
লগতে পঢ়ক : বুলন্দচহৰ ঘটনা : দুৰ্ঘটনাৰ পূৰ্বে শাৰিৰীকভাৱে অপদস্থ কৰা হৈছিল সুদিক্ষাক