ETV Bharat / bharat

মুম্বাইত তাণ্ডৱৰ পাচত মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

গতি পথ সলনি হৈছে ঘূৰ্ণী বতাহ 'নিসৰ্গ'ৰ ৷ গতি পৰিৱৰ্তনলৈ লক্ষ্য কৰি ঘূৰ্ণী বতাহজাকে নাচিক,জলগাঁও আৰু মধ্য প্ৰদেশৰ দিশে গতি কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰত প্ৰকাশ পাইছে ৷

Cyclone Nisarga
Cyclone Nisarga
author img

By

Published : Jun 4, 2020, 3:22 AM IST

Updated : Jun 4, 2020, 12:07 PM IST

নিউজ ডেস্ক, 4 জুন : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি গতি পথ সলনি হৈছে ঘূৰ্ণী বতাহ 'নিসৰ্গ'ৰ ৷ ঘূৰ্ণী বতাহজাক মুম্বাই-থানে-পালঘাৰ অভিমুখে আহিব বুলি ধাৰণা কৰা হৈছিল যদিও হঠাৎ ইয়াৰ দিশ পৰিৱৰ্তন হয় ৷

গতি পৰিৱৰ্তনলৈ লক্ষ্য কৰি ঘূৰ্ণী বতাহজাকে নাচিক,জলগাঁও আৰু মধ্য প্ৰদেশৰ দিশে গতি কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ সূত্ৰত প্ৰকাশ পাইছে ৷ অহা কেইঘন্টামানৰ ভিতৰত এই নিসৰ্গ ঘূৰ্ণী বতাহৰ গতি হ্ৰাস পাব বুলি আশা কৰা হৈছে ৷

মুম্বাইত তাণ্ডৱৰ পাচত মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !
মুম্বাইত তাণ্ডৱৰ পাচত মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

অৱশ্যে প্ৰতি ঘন্টাত 100 কিলোমিটাৰৰ অধিগ বেগত বলা বতাহৰ বাবে মুম্বাই আৰু ৰায়গড় কিছু পৰিমাণে ক্ষতিৰ সন্মুখীন হৈছে ৷ মুম্বাইত 7 জন ব্যক্তি কম বেছি পৰিমাণে আহত হৈছে ৷ বৃহন মুম্বাই পৌৰ নিগমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জানিবলৈ দিয়া অনুসৰি নগৰখনত 196 টা গছ অথবা গছৰ ডাল ভঙা ঘটনা, 9 টা সৰু ঘৰ আৰু দেৱাল ক্ষতিগ্ৰস্ত হোৱা ঘটনা আৰু 29 টা বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ঘটনা সংঘটিত হৈছে ৷

বৃহন মুম্বাই পৌৰ নিগমে দুৰ্য়োগৰ প্ৰতি লক্ষ্য ৰাখি 18,890 গৰাকী লোকক অতি স্পৰ্শকাতৰ উপকূল এলেকাৰ পৰা স্থানান্তৰিত কৰি 35 টা আশ্ৰয় শিৱিৰত আশ্ৰয় দিছে ৷ ৰায়গড়তো 1300 আৰু পালঘাৰত 200 লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷

নিসৰ্গ ঘূৰ্ণী বতাহৰ বাবে পালঘাৰ, থানে, মুম্বাই, ৰায়গড়, ৰত্নগিৰি আদি অঞ্চলত মূষলধাৰ বৰষুণ হোৱা পৰিলক্ষিত হৈছে ৷ এই ঘূৰ্ণী বতাহৰ ফলত মহাৰাষ্ট্ৰৰ সমূদ্ৰ তীৰৰ বহু মাছমৰীয়া পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷

লগতে পঢ়ক : অসমত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 1830 লৈ বৃদ্ধি ৷

Last Updated : Jun 4, 2020, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.