পাৰাদীপ , 3 মেঃ প্ৰচণ্ড ঘূৰ্ণীবতাহৰ তাণ্ডৱ ওড়িশাত ৷ বিশ বছৰৰ পাচত ঘূৰ্ণীবতাহে তাণ্ডৱ চলাইছে ৰাজ্যখনত ৷ 1999 চনত অহা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 270ৰ পৰা 300 কি:মি: বেগেৰে বলিছিল বতাহ ৷ ফেনীৰ পূৰ্বে অহা তিতলি ঘূৰ্ণীবতাহৰ ফলত বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাছিল ৰাজ্যখনত ৷ শুকুৰবাৰে পুৱাৰ ভাগত ওড়িশাৰ উপকূল অঞ্চলত খুন্দা মৰাৰ পাচতে প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলাই ৰাজ্যখনত ৷
লগতে পঢ়ক:মন্দিৰ সদৃশ এটা চৰকাৰী কাৰ্যালয়
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি প্ৰশাসনৰ প্ৰাথমিক লক্ষ্য কম ক্ষয় ক্ষতি ৷ মুখ্যমন্ত্ৰী নবীন পাটনায়কে জিলা প্ৰশাসনৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয় ৷ উদ্ধাৰকাৰ্য, পুনৰসংস্থাপনৰ ব্যৱস্থাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব প্ৰদান কৰিছে ৷