ETV Bharat / bharat

আম্ফানঃ উড়িশাত ধুমুহা আৰু প্ৰচণ্ড জোৱাৰ

author img

By

Published : May 20, 2020, 12:11 PM IST

বুধবাৰে পুৱাৰ ভাগত ৰাজ্যখনৰ পাৰাদ্বীপত 82 কিল'মিটাৰ প্ৰতিঘণ্টা বেগত ধুমুহা বলাৰ কথা প্ৰকাশ কৰিলে ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিস্থানে । লগতে 11 মি:মি: বৰষুণ দিয়া দেখা যায় ।

ধুমুহা আৰু প্ৰচণ্ড জোৱাৰ
ধুমুহা আৰু প্ৰচণ্ড জোৱাৰ

নিউজ ডেস্ক, 20 মে': সাগৰীয় ঘূৰ্ণীবতাহ আম্ফান, 20 মে'ৰ আবেলিৰ পাচত ভাৰতৰ পূৱ-প্ৰান্তৰ উপকূলীয় অঞ্চলত উপস্থিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীসকলে । বিশেষকৈ উৰিষ্যাৰ উপকূলীয় আৰু পশ্চিমবংগৰ কেতবোপ উপকূল অঞ্চলত খুন্দা মাৰিব এই ঘূৰ্ণীবতাহে ।

সেই আগজাননিৰেই যেন লক্ষণ দেখিব পোৱা গ'ল বুধবাৰৰ পুৱাৰ ভাগত । ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিস্থানে অৱগত কৰা অনুসৰি ওড়িশাৰ পাৰাদ্বীপত 82 কিল'মিটাৰ প্ৰতিঘণ্টা বেগৰ ধুমুহা বলিছে আৰু 11 মি:মি: বৰষুণ হৈছে । বৰষুণৰ মুঠ পৰিমান 141 মি:মি: হোৱা বুলি জনাইছে প্ৰতিষ্ঠানটোৱে ।

ইপিনে শক্তিশালী ধুমুহা আৰু বৃহৎ জোৱাৰ দেখিব পোৱা গৈছে ৰাজ্যখনৰ বালাচোৰ জিলাত । 20 মে'ৰ সন্ধিয়া এই ঘূৰ্ণীবতাহে 165-175 কিল'মিটাৰ প্ৰতি ঘন্টাৰ পৰা সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টা বেগেৰে ভাৰতৰ ভূমিত খুন্দা মাৰিব বুলি ধাৰণা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.