ETV Bharat / bharat

ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ পূৰ্বেই ভাৰতত আৰম্ভ হৈছিল চাইবাৰ আক্ৰমণ

author img

By

Published : Jul 12, 2020, 3:24 AM IST

চাইবাৰ বিশেষজ্ঞ ডাঃ গুলচন ৰায়ৰ মতে, ভাৰত আৰু চীনৰ সামৰিক বাহিনীৰ সাম্প্ৰতিক স্থগিতাদেশৰ পূৰ্বেই ভাৰতত চাইবাৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিল । এই সম্পৰ্কত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীৰে হৈছিল বিশেষজ্ঞ গৰাকীৰ এক বিতং আলোচনা ।

Cyber attacks went up much before India-China tensions: Top Cyber Security Expert
ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ পূৰ্বেই ভাৰতত আৰম্ভ হৈছিল চাইবাৰ আক্ৰমণ!

নিউজ ডেস্ক, ১১জুলাই : যোৱাতো মাহতে দেশৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী সকলৰ মাজত চাইবাৰ আক্ৰমণৰ খবৰ বিয়পি পৰিছিল । ইণ্টাৰনেটৰ মাধ্যমত ক'ভিড-১৯ৰ বিনামূলীয়া পৰীক্ষাৰ বাবে অহা যি কোনো সন্দেহজনক লিংকত ক্লিক নকৰিবৰ বাবে সকলোকে সতৰ্ক কৰি দিয়া হৈছিল । লাডাখৰ গালৱান ঘাটিত ভাৰতীয় আৰু চীনা সেনাৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ প্ৰায় এসপ্তাহৰ অন্তত ২১ জুনত এই সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰা হৈছিল । উল্লেখ্য যে, এই সংঘৰ্ষত ২০ গৰাকীকৈ ভাৰতীয় সেনা শ্বহীদ হৈছিল ।

সতৰ্কতামূলক পৰামৰ্শটোত সন্দেহ প্ৰকাশ হৈছিল যে, দুয়োখন দেশৰ মাজত বাঢ়ি অহা উত্তেজনাৰ কাৰণে চীনৰ হেকাৰবোৰে যিকোনো প্ৰকাৰে ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীক টাৰ্গেট কৰিব পাৰে ।

তাৰোপৰি ভাৰতৰ এগৰাকী চাইবাৰ নিৰাপত্তা বিশেষজ্ঞই উল্লেখ কৰা মতে, এচিয়া মহাদেশৰ দুখনকৈ শক্তিশালী দেশৰ মাজত হোৱা উত্তেজনাৰ বাবে ঘৰৰ পৰাই কাম কৰা সকলে অসুৰক্ষিত ডিভাইচ ব্যৱহাৰ কৰাৰ বাবেই এই চাইবাৰ আক্ৰমণৰ ঘটনা বাঢ়ি গৈছিল । লগতে তেওঁ এইবুলিও উল্লেখ কৰিছিল যে, বিগত কেইমাহ মানৰ পূৰ্বৰ পৰাই চাইবাৰ আক্ৰমণৰ সংখ্যা যথেষ্ট পৰিমানে বৃদ্ধি পাইছিল ।

প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ প্ৰাক্তন নিৰাপত্তা সমন্বয়ক ডাঃ গুলচন ৰায়ৰ মতে, প্ৰাপ্ত তথ্য অনুসৰি বৃদ্ধি পোৱা চাইবাৰ আক্ৰমণৰ এই সংখ্যা হ'ব ২০০ শতাংশ । কিন্তু প্ৰশ্ন হ'ল, এই দুইখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ কাৰণেই এই বৰ্ধিত চাইবাৰ আক্ৰমণ, নে আছে অন্য কোনো কাৰণ !

ইটিভি ভাৰতৰে হোৱা এই আচুতীয়া সাক্ষাৎকাৰত আমাৰ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ডাঃ ৰায়ে জনালে, তেখেতে সমগ্ৰ বিষয়টোৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখি গৈছে আৰু ভাৰতীয় কম্পিউটাৰৰ জৰুৰীকালীন প্ৰতিক্ৰিয়াৰ(CERT) এটা দলৰ লগত চাইবাৰ আক্ৰমণ ৰোধৰ বাবে অহৰহ কাম কৰি গৈছে ।

উল্লেখ্য যে, বিশেষজ্ঞ গৰাকীয়ে মুম্বাইস্থিত ইলেক্ট্ৰনিক পেমেণ্ট চিষ্টেম(EPS) দ্বাৰা আয়োজিত এখন আলোচনা চক্ৰত ভাগ লৈ বৰ্ণনা কৰিছিল যে, শেহতীয়াকৈ দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবেই চীনৰ হেকাৰে এই চাইবাৰ আক্ৰমণ কৰা নায় । কিয়নো এই আক্ৰমণ চলিত বছৰৰ জানুৱাৰী, বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ পৰা ঘৰৰ পৰাই কাম কৰাৰ সংস্কৃতিৰ বাবেই হেকাৰৰ চাইবাৰ আক্ৰমণ অধিক বৃদ্ধি পাইছে ।

লগতে পঢ়ক : আহোম যুগৰ ধ্বজাবাহক ঐতিহাসিক কলিয়াবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.