ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানে ভাৰতীয় ৰাজনীতিত অপৰাধীৰ প্ৰৱেশ নিয়ন্ত্ৰণত সহায় কৰিব নে ? - ৰাজনীতি

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা ৰায়দানত প্ৰাৰ্থী মনোনয়ন সংক্ৰান্তত ৰাজনৈতিক দলসমূহৰ কাৰণে ছটা নিৰ্দেশনা জাৰি কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে ভাৰতীয় ৰাজনীতিত অপৰাধীৰ প্ৰৱেশ নিয়ন্ত্ৰণত সহায় কৰিব নে ?

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
author img

By

Published : Jul 27, 2020, 11:32 AM IST

নিউজ ডেস্ক, 27 জুলাই: উচ্চতম ন্যায়ালয়ে অলপতে ঘোষণা কৰা ৰায়দান এটাত, ৰাজনৈতিক দলসমূহক অপৰাধমূলক কৰ্মত জড়িত থকা লোকসকলক মনোনীত কৰাৰ কাৰণ জানিবলৈ বিচৰা কাৰ্য আদৰণীয় ৷ এই ৰায়দানে নিৰ্বাচন আয়োগক ৰাজনৈতিক দলসমূহৰ ওপৰত নৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ সামৰ্থন প্ৰদান কৰিব পাৰে ৷ কিয়নো তেওঁলোকে কিয় তেনে অপৰাধী লোকক টিকট প্ৰদান কৰে সেই কথাৰ স্পষ্টীকৰণ ৰাজনৈতিক দলসমূহে ৰাজহুৱাভাৱে দিয়াৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু অতি দুখজনকভাৱে উক্ত ৰায়দানে নিৰ্বাচন আয়োগক এই প্ৰশ্ন সুধি ৰাজনৈতিক দলসমূহৰ ওপৰত নৈতিক হেঁচা প্ৰয়োগ কৰাৰ বাদে আনকি এক ইঞ্চিও আগুৱাব নোৱাৰিব ৷ কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল, নিৰ্বাচন আয়োগে এই ৰায়দানৰ পৰা পোৱা ক্ষমতাৰ জৰিয়তে প্ৰশ্ন কৰি ৰাজনৈতিক দলসমূহৰ ওপৰত পৰ্যাপ্ত পৰিমাণৰ নৈতিক হেঁচাৰ সৃষ্টি কৰিব পাৰিবনে ? যাতে দলসমূহে এনে পূৰ্বৰ অপৰাধমূলক কাৰ্যত জড়িত প্ৰাৰ্থীক মনোনীত কৰাৰ আগত দুবাৰ ভাৱিবলগীয়া হয় ৷ যদিহে তেওঁলোকে এনে প্ৰাৰ্থী মনোনয়ণৰ বিৰুদ্ধে সিদ্ধান্ত হঠাতে নলয় ৷ নিৰ্বাচন আয়োগক ৰাজনীতিত অপাৰাধীবোৰক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাত আগুৱাই যোৱাত এই ৰায়দানে সহায় কৰিব পাৰিব নে ?

ৰাজনীতিক অপৰাধীকৰণ কৰি পেলোৱাটোৱে হৈছে বৰ্তমান সময়ত ভাৰতীয় ৰাজনীতিয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যা ৷ সংসদ আৰু বিভিন্ন ৰাজ্যসমূহৰ বিধানসভাসমূহলৈ নিৰ্বাচিত হোৱা নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যাত ক্ৰমান্বয়ে এই ধৰণৰ প্ৰাৰ্থীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ তথ্য অনুসৰি, ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তথা পঞ্চদশ লোক সভালৈ নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলৰ মাজৰ ২৪% সদস্যৰ বিৰুদ্ধে পূৰ্বতে অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত থকাৰ বাবে ফৌজদাৰী গোচৰ বিচাৰাধীন অৱস্থাত আছিল আৰু এই সংখ্যা বাঢ়ি গৈ ষষ্ঠদশ লোকসভা অৰ্থাৎ ২০০৯ চনৰ নিৰ্বাচনত ৩০% হয় গৈ ৷ হয়তো আশা কৰা হৈছিল যে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ পাচত চৰকাৰত কিছু পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনে পূৰ্বৰ অপৰাধজনিত ইতিহাস থকা সংসদৰ সদস্যসকলৰ ক্ষেত্ৰত গুণগত পৰিৱৰ্তন আনিব ৷ কিন্তু ২০১৪ চনৰ পৰৱৰ্তী কালত, অন্তঃত এই সম্পৰ্কত একোৱে সলনি হোৱা দেখা নগ’ল ৷ বৰঞ্চ সপ্তদশ লোক সভাত, অৰ্থাৎ ২০১৯ চনৰ নিৰ্বাচনত নিৰ্বাচিত প্ৰতিনিধিৰ ৪৩ শতাংশই পূৰ্ৱতে অপৰাধী ক্ৰিয়াকলাপত জড়িত থকা লোক নিৰ্বাচিত হোৱা দেখা গ’ল ৷ বিভিন্ন ৰাজ্যসমূহৰ বিধানসভাবোৰলৈ নিৰ্বাচিত হোৱা অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত থকা নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে, এই ছবিখনৰ লোকসভাৰ লগত বৰ এটা পাৰ্থক্য নাই ৷ একমাত্ৰ বৰণৰ পাৰ্থক্য হ’ব পাৰে ৷ কিন্তু সৰহভাগ ৰাজ্যৰ বিধানসভাতে পূৰ্বতে অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত এক বৃহৎ সংখ্যক নিৰ্বাচিত প্ৰতিনিধি আছে ৷ ‘আপে’ একেৰাহে দ্বিতীয় বাৰৰ বাবে বিজয় সাব্যস্ত কৰা, অলপতে সম্পন্ন হৈ যোৱা দিল্লী বিধানসভা নিৰ্বাচনত দিল্লী বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়কসমূহৰ মাজত অভিলেখ হাৰত অপৰাধমূলক ক্ৰিয়াকলাপত জড়িত থকা বিধায়কৰ সংখ্যা বৃদ্ধি পাইছে ৷ ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত ৭০ জনীয়া সদস্যৰ দিল্লী বিধানসভালৈ নিৰ্বাচিত হোৱা সদস্যসমূহৰ ভিতৰত ২৪ জন নিৰ্বাচিত সদস্যৰ বিৰুদ্ধেই ফৌজদাৰী গোচৰ ৰুজু আছিল ৷ কিন্তু চলিত বিধানসভাত অৰ্থাৎ ২০২০ চনৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচিত হোৱা সদস্যসকলৰ ভিতৰত অপৰাধমূলক কাৰ্যত জৰিত বিধায়কৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পালে ৷ হত্যা, নাৰীৰ বিৰুদ্ধে অপৰাধ, হিংসাত্মক তথা উচতনিমূলক ভাষণ দিয়া আদিৰ দৰে অপৰাধত অপৰাধী বিধায়কৰ সংখ্যাও ২০১৫ চনৰ সংখ্যা ১৪ জনৰ পৰা দুগুণ বাঢ়ি গৈ ২০২০ চনত ৩৭ জন হ’লহি ৷ যিহেতু নকৈ গঠন হোৱা ৰাজনৈতিক দল ‘আপে’ ৰাজধানী চহৰখনত এক ব্যতিক্ৰমী ৰাজনীতি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, সেয়ে জাতীয় সদনখনৰ দৰেই দিল্লী বিধানসভা নিৰ্বাচনতো ইয়ালৈ নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলৰ গুণগত মান উন্নত হ’ব বুলি আশা কৰা হৈছিল ৷ কিন্তু দুখজনভাৱে সেইটোহে হোৱা দেখা নগ’ল ৷ যদি এইটো এটা কেৱল মাত্ৰ নৈতিকতাৰ প্ৰশ্ন আছিল, তেনেহ’লে আমি লোকসভা আৰু বিধানসভাত নিকা ভাৱমূৰ্তিৰ প্ৰতিনিধি দেখিবলৈ পালোহেতেন ৷ কিয়নো বিজেপিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এক নিকা ৰাজনীতিৰ প্ৰতিশ্ৰুতি দিছিল আৰু দিল্লীৰ ক্ষেত্ৰত আপেও সেই একে কথাকে দোহাৰিছিল ৷ কিন্তু অতি দুখজনকভাৱে আমিহে নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত তেনে কোনো নিকা চৰিত্ৰৰ দ্যুতি দেখিবলৈ নাপালো ৷

শেহতীয়া ৰায়দানটোত উচ্চতম ন্যায়ালয়ে প্ৰাৰ্থী মনোনয়ন সংক্ৰান্তত ৰাজনৈতিক দলসমূহৰ কাৰণে ছটা নিৰ্দেশনা জাৰি কৰিছে ৷ ৰায়দানটোৰ দ্বাৰা, ৰাজনৈতিক দলসমূহে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসমূহৰ বিৰুদ্ধে থকা ফৌজদাৰী গোচৰসমূহৰ বিশদ বিৱৰণ তথ্যসহ নিজৰ ৱেবছাইটত আপল’ড কৰাটো সংশ্লিষ্ট ৰাজনৈতিক দলবোৰৰ বাবে বাধ্যতামূলক কৰা হৈছে ৷ এই ৰায়ে ৰাজনৈতিক দলসমূহক তেওঁলোকে এনে প্ৰাৰ্থীক মনোনয়নৰ বাবে নিৰ্বাচিত কৰাৰ ন্যায্যতা প্ৰমাণ কৰা আৰু তেওঁলোকে কিয় অপৰাধমূলক কাৰ্যত জড়িত নথকা কোনো প্ৰাৰ্থী বিচাৰি নাপালে তাৰ কাৰণ বাখ্যা কৰাটো বাধ্যতামূলক কৰিছে ৷ নিৰ্দেশনা অনুসাৰে কেৱল মাত্ৰ সাম্ভাৱ্য জয়ৰ নিশ্চয়তাকে দলসমূহে কোনো প্ৰাৰ্থীক নিৰ্বাচন কৰাৰ বাখ্যাৰ মূল কাৰণ হিচাপে দিলেই নচলিব ৷ ইয়াৰ মতে উক্ত তথ্যসমূহ কোনো এখন স্থানীয় ভাষাৰ আৰু এখন ৰাষ্ট্ৰীয় বাতৰি কাকতত লগতে দলসমূহৰ ছ’চিয়েল মিডিয়া হেণ্ডেলটো প্ৰকাশ কৰিব লাগিব ৷

এই সকলোবোৰ ক্ৰিয়াকলাপ প্ৰাৰ্থীজন নিৰ্বাচিত কৰাৰ ৪৮ ঘন্টাৰ ভিতৰত হ’ব লাগিব নতুবা মনোনয়ন দাখিল কৰাৰ প্ৰথমটো তাৰিখৰ দুসপ্তাহৰ আগত সমাপন কৰিব লাগিব বা ইয়াৰে যিটো প্ৰথমে আহিব তাৰ আগত কৰিব লাগিব ৷ দলটোক নিৰ্দিষ্ট প্ৰাৰ্থীজন নিৰ্বাচন কৰাৰ ৭২ ঘন্টাৰ ভিতৰত এটা ‘কমপ্লায়েন্স ৰিপৰ্ট’ পঠিয়াব লাগিব ৷ ইয়াকে কৰাত ব্যৰ্থ হ’লে নিৰ্বাচন আয়োগক নিৰ্দিষ্ট দলটোৱে ‘ননকমপ্লায়েন্স’ আনি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ বাবে উচ্চতম ন্যায়ালয়লৈ জাননী প্ৰেৰণ কৰিব পাৰিব ৷

ৰাজনৈতিক দলসমূহৰ দাৰা প্ৰকাশিত এইসমূহ বাধ্যতামূলক বাখ্যা আৰু বিৱৰণে ৰাজনৈতিক দলসমূহৰ ওপৰত কিছু নৈতিক হেঁচাৰ সৃষ্টি কৰিব ৷ ই প্ৰাৰ্থীসমূহৰ সম্পৰ্কেও ভোটাৰৰ মাজত সচেতনতা সৃষ্টি কৰাত সহায়ক হ’ব ৷ কিন্তু এই নতুন ৰায়দান যদি কাৰ্যকৰী হইয়ো, তথাপি ই অপৰাধীসকলৰ ৰাজনীতিত প্ৰৱেশ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব নোৱাৰিব ৷ চেন্টাৰ ফৰ ষ্টাডী অৱ ডেভলপিং ছ’চাইটী (চি এছ ডি এছ)এ কৰা এক অধ্যয়নে ইংগিত দিছে যে ৬৫% ভাৰতীয় মতদাতাই ৰাজনৈতিক দলসমূহক ভোট দিয়ে আৰু একেবাৰে নগণ্য সংখ্যকেহে প্ৰাৰ্থীৰ গুণাগুণৰ প্ৰতি লক্ষ্য কৰি মতদান কৰে ৷ যদি ৰাজনৈতিক দলসমূহে নৈতিক মূল্যবোধক আওকান কৰি অপৰাধমূলক কাৰ্যত লিপ্ত ব্যক্তিক প্ৰাৰ্থীত্ব প্ৰদান কৰি থাকে তেনেহ’লে এই প্ৰাৰ্থীসমূহ নিৰ্বাচিত হৈ জাতীয় সদন আৰু ৰাজ্যিক বিধানসভাসমূহ পাবগৈ ৷ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ সীমাবদ্ধতাৰ কথা উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ চেপ্টেম্বৰত দিয়া ৰায়দানত ৰাজনীতিত অপৰাধীৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব সদনক অৰ্পণ কৰিছিল আৰু গুৰুতৰ অপৰাধত অপৰাধী লোক যাতে ৰাজনীতিত প্ৰৱেশ নকৰে তাৰ বাবে আইন প্ৰনয়ণ কৰিবলৈ নিৰ্দেশনা দিছিল ৷ কিন্তু ইয়াৰ কোনো ফল নধৰিল ৷ উক্ত ৰায়দানটোৱে অপৰাধীক ৰাজনীতিত প্ৰৱেশত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগক পৰ্যাপ্ত পৰিমাণে ক্ষমতাশালী কৰি নুতুলিব পাৰে, কিন্তু আজিৰ যুগৰ পৃথিৱী, য’ত ৰাজনৈতিক প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়, যাৰ পৰিপেক্ষিতত দলসমূহে তেওঁলোকৰ সমৰ্থকসকলৰ সমৰ্থনৰ লগত ‘হেশ্বটেগ’ আৰু ‘ট্ৰেণ্ডছ’ ৰ সৈতে যুঁজিব লগা হৈছে ৷ এনে পৰিস্থিতিত তেওঁলোকে যদি নিজৰ প্ৰাৰ্থীৰ অপৰাধৰ আখ্যান বৰ্ণনা কৰিব লগীয়াত পৰে, তেনে ক্ষেত্ৰত এই ‘হেশ্বটেগ’ আৰু ‘ট্ৰেণ্ডছ’ বোৰে দল আৰু প্ৰাৰ্থী দুয়োকে অস্বস্তিদায়ক পৰিস্থিতিত পেলাব ৷ সেয়ে ই দলসমূহক টিকেটসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত সচেতন কৰি তুলিব পাৰে ৷

আমি কেৱল আশাহে কৰিব পাৰোঁ যে এই ৰাজনৈতিক দলসমূহৰ বাবে নিৰ্দেশনা জাৰি কৰা নতুন ৰায়দানটোৱে দলসমূহৰ ওপৰত নৈতিক হেঁচাৰ সৃষ্টি কৰিব পাৰিব ৷ কিন্তু ন্যায়িক ব্যৱস্থা সংশোধন নকৰালৈকে ৰাজনীতিত অপৰাধীৰ প্ৰৱেশ নিয়ন্ত্ৰণ সম্ভৱ নহ’ব ৷ ‘ফাষ্ট ট্ৰেক’ ন্যায়পালিকা আৰু আদালতত বিচাৰাধীন হৈ থকা দ’ম বান্ধা গোচৰ সমূহ হ্ৰাস হোৱাটো নিত্যান্তই বাঞ্চনীয় ৷ গুৰুতৰ অপৰাধত অপৰাধী প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা প্ৰদান কৰা, আনকি নিম্ন আদালততে বাধা প্ৰদান কৰিব পৰাকৈ অধিক কঠোৰ আইন প্ৰনয়ণ কৰাটোও এটা ভাল চিন্তাই হ’ব ৷ আজি ধনবল আৰু জনবলেৰে প্ৰাৰ্থীবোৰে আমাৰ দৰে এক উজ্জীৱিত গণতন্ত্ৰৰ গণতান্ত্ৰিক চৰিত্ৰক ম্লান কৰি পেলাইছে ৷ ১৩০ কোটিৰো অধিক জনসংখ্যাৰে আৰু পৃথিৱীৰ বৃত্তম গণতন্ত্ৰ বুলি দাবী কৰা আমিবোৰে এই কথা জুকিয়াই চোৱাৰ দৰকাৰ যে আমি কেনে ধৰণৰ বৃহত্তম গণতন্ত্ৰ বুলি কৈ গৌৰৱবোধ কৰো ? এনে এক গণতন্ত্ৰ য’ত অপৰাধীবোৰক আমি নিৰ্বাচিত কৰো ? নে এনে এক গণতন্ত্ৰ য’ত কাৰাগাৰৰ সিপাৰে থকা অপৰাধীয়ে বিনাদ্বিধাই প্ৰতিদ্বন্দিতা কৰিব পাৰে ? সময়ে তৰিৎ বেগেৰে উনুকিয়াই দি থকাৰ এই সন্ধিক্ষণতে ৰাজনীতিৰ পুতিগন্ধময় পুখুৰীটো পৰিস্কাৰ কৰিবলৈ হ’ল ৷ জুৰ পুৰি হাত পোৱাৰ আগতেই ব্যৱস্থা গ্ৰহণ কৰাৰ সময় এইয়া ৷

* সঞ্জয় কুমাৰ চেন্টাৰ ফৰ ষ্টাডী ওফ ডেভলপিং ছ’চাইটী (চি এছ ডি এছ)ৰ প্ৰফেছৰৰ লগতে তেওঁ এজন ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক সমীক্ষক আৰু এজন প্ৰসিদ্ধ চিফ’লজিষ্ট ৷

** নীল মাধৱ, দিল্লী বিশ্ববিদ্যালয়ৰ সাংবাদিকতাৰ ছাত্ৰ আৰু লোকনীতিঃ এ ৰিছাৰ্চ প্ৰগ্ৰাম অৱ চি এছ ডি এছৰ গৱেষক, দিল্লী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.