নেশ্যনেল ডেস্ক,30 ডিচেম্বৰ: বুধবাৰে জম্মু কাশ্মীৰৰ বান্দিপোৰা জিলাত চিআৰপিএফৰ এক অভিযানত সংঘটিত হয় অঘটন ৷ বান্দিপোৰা জিলাৰ পাপচান অঞ্চলৰ চিআৰপিএফৰ এটা শিবিৰত থকা এজন চিআৰপিএফৰ জোৱান গুৰুতৰ ভাৱে আহত হয় ৷
আৰক্ষী সূত্ৰই জনোৱা মতে,পাপচান অঞ্চলত এক সন্দেহজনক অভিযানত গৈছিল চিআৰপিএফৰ জোৱানৰ এটা দল ৷ জোৱানসকলে এটা শিবিৰত থাকি চলাইছিল অভিযান ৷ অভিযান কালত শূণ্যলৈ গুলি চালনা কৰাত দুৰ্ভাগ্যজনক ভাৱে চিআৰপিএফৰ ৩য় বেটেলিয়ানৰ এজন কনিষ্টবল গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত জোৱানজন বিকাশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি জোৱানজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক:সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং