ETV Bharat / bharat

আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে কয় যে, অৰ্ধসামৰিক বাহিনীটোৱে ইয়াৰ 1,600 চাউনীৰ সহায়ত আগন্তুক 100 দিনত দেশৰ 12 কোটি জনতাৰ সৈতে কোভিড-19 সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সজাগতা নীতিৰ অধীনত এই কাৰ্যসূচী হাতত লৈছে বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৱে ৷

author img

By

Published : Oct 8, 2020, 10:16 AM IST

Updated : Oct 8, 2020, 10:51 AM IST

আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ
আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ

নিউজ ডেস্ক, 8 অক্টোবৰ : কোভিড-19 সন্দৰ্ভত দেশৰ জনতাক সজাগ কৰি তোলাৰ বাবে আগন্তুক 100 দিনত দেশৰ প্ৰায় 12 কোটি জনসাধাৰণৰ কাষলৈ যাব বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীৰ দল চিআৰপিএফ ৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নীতিৰ অধীনতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ মহানিৰ্দেশক এপি মাহেশ্বৰীয়ে ৷

এই সন্দৰ্ভত ইতিমধ্যেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ আলোচনাত তিনিটা দিশত অধিক গুৰুত্ব দিয়া হয় আৰু সেইকেইটা আছিল, মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু সামাজিক দুৰত্ব বৰ্তাই ৰখা ৷

আলোচনাত চিআৰপিএফকে ধৰি দেশৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ আটাইকেইটা বাহিনীৰে শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ যিহেতু বিশ্বৰ ভিতৰতে চিআৰপিএফ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীৰ দল সেয়েহে ইয়াৰ পৰিসৰৰ ভিতৰত থকা দেশৰ প্ৰায় 1,600 চাউনীৰ সহযোগত এইদৰে 12 কোটি জনতাক সজাগ কৰি তোলাৰ দায়িত্ব লাভ কৰে বুলি জনায় বাহিনীটোৰ মহানিৰ্দেশকগৰাকীয়ে ৷

লগতে পঢ়ক : আমেৰিকাৰ পৰা সশস্ত্ৰ ড্ৰোণ কিনাৰ কোনো সিদ্ধান্ত লোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰালয়ে

Last Updated : Oct 8, 2020, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.