নিউজ ডেস্ক, ২৬ জুন : জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰা চহৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন CRPF (Central Reserve Police Force)ৰ জোৱান আৰু এটা ৫ বছৰীয়া শিশু নিহত হয়। শুকুৰবাৰে সংঘটিত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত সেনাৰ সূত্ৰই প্ৰকাশ কৰে।
সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, মটৰ চাইকেলেৰে অহা সন্ত্ৰাসবাদীৰ দলটোৱে নিৰ্বিচাৰে পাদশ্বাহী বাদস্থিত CRPF জোৱানৰ এটা দলক উদ্দেশ্যি গুলীবৰ্ষণ কৰে। নিহত CRPF জোৱানজন শ্যামল কুমাৰ বুলি জানিব পৰা গৈছে। মূৰত গুলী লগাৰ বাবে জোৱানজনৰ মৃত্যু হয়। তদুপৰি, সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নেহান নামৰ এটি পাচ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছিল। শিশুটিক হাস্পতালক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
![CRPF Jawan, civilian killed in terrorist attack in Jammu and Kashmir](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:11:10:1593160870_crpf1593159099563-53_2606email_1593159110_1017.jpg)
সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। লগতে, CRPF জোৱানসকলে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান ।
লগতে পঢ়ক : মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ