ETV Bharat / bharat

জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ - জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ

বুধবাৰে জম্মু-কাশ্মীৰত চিআৰপিএফৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ সেনা বিষয়াগৰাকী 141 বেটেলিয়নৰ শেৰগড়ী এলেকাত কৰ্তব্যৰত চিআৰপিএফ জোৱান এম দামোদৰ বুলি জানিব পৰা গৈছে ৷

CRPF critically wounded after shooting himself in Srinagar Etv bharat news
আত্মহত্যাৰ চেষ্টা সেনা জোৱানৰ
author img

By

Published : Aug 12, 2020, 9:59 AM IST

শ্ৰীনগৰ,12 আগষ্ট: বুধবাৰে কেন্দ্ৰীয় সংৰক্ষিত সুৰক্ষা বাহিনী চমুকৈ চিআৰপিএফৰ এগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা চলায় ৷ এই কাৰ্যৰ ফলত গুৰুতৰভাৱে আহত হৈছে সেনাৰ বিষয়াগৰাকী ৷ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সংঘটিত হৈছে এই ঘটনা ৷ সেনা বিষয়াগৰাকী 141 বেটেলিয়নৰ শেৰগড়ী এলেকাত কৰ্তব্যৰত চিআৰপিএফ জোৱান এম দামোদৰ বুলি জানিব পৰা গৈছে ৷ ততালিকে সেনা জোৱান গৰাকীক চিকিৎসাৰ বাবে এছএমএছএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে জোৱানগৰাকী ৷

সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী সম্পৰ্কে কৰা আলোচনাৰ ফলতে ভীতিগ্ৰস্ত হৈ কৰ্তব্যস্থলীৰ এক কোঠাত নিজকে আবদ্ধ কৰি লয় জোৱান গৰাকীয়ে ৷ দামোদৰৰ সৈতে কৰ্তব্যত নিয়োজিত অন্য জোৱানসকলে উদ্ধাৰৰ বাবে আগবাঢ়ি যায় যদিও তেজৰ ডোঙাৰ মাজত পৰি থকা দেখা পায় দামোদৰক ৷ আৰক্ষী সূত্ৰই দাবী কৰা অনুসৰি সেনা জোৱানগৰাকীয়ে ব্যক্তিগত কাৰণত বিগত কিছুদিনৰ পৰা চিন্তিত হৈ আছিল ৷

লগতে চাওকঃ মহাৰাষ্ট্ৰৰ থানেত COVID-19 হাস্পতালত অগ্নিকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.