ETV Bharat / bharat

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনতকৈ ডাঙৰ সমস্যা হ'ল অপৰাধমূলক কাৰ্য : কংগ্ৰেছ - নিৰ্বাচন

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাৰ দ্বাৰা নিৰ্বাচনত নামত সংঘটিত হৈ ভিন্ন অপৰাধমূলক কাৰ্যৰ পৰা ৰাইজক পথভ্ৰষ্ট কৰিবলৈহে চেষ্টা কৰা হৈছে ৷

এক ৰাষ্ট্ৰ, এক নিৰ্বাচন
author img

By

Published : Jun 19, 2019, 7:09 PM IST

নিউজ ডেস্ক, 19 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনতকৈও ডাঙৰ বিষয় হ'ল নিৰ্বাচনৰ নামত অপৰাধমূলক কাৰ্য ৷ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাৰ দ্বাৰা নিৰ্বাচনত নামত সংঘটিত হৈ অহা ধনবলৰ ব্যৱহাৰ আৰু অপৰাধমূলক কাৰ্য আদি বিষয়ৰ পৰা ৰাইজক পথভ্ৰষ্ট কৰিবলৈহে চেষ্টা কৰিছে মোডী চৰকাৰে ৷

এক ৰাষ্ট্ৰ, এক নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী আহ্বান কৰা এই সভা কোনো আলোচনাৰ বিষয়েই নহয় ৷ ইভিএমকে ধৰি অন্যান্য অপৰাধমূলক কাৰ্যৰ পৰা বিৰত ৰাখিবলৈহে এই বিষয় লৈ সভাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ ৷ বুধবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰে, কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে ৷

নিৰ্বাচন সম্পৰ্কত আলোচনাৰ বাবে আন বহু বিষয় আছে ৷ আজিও বহু নেতাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ ৷ যদিও অপৰাধমূলক কাৰ্যত জড়িত নেতাসকলক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ লগতে নিৰ্বাচনৰ নামত অত্যাধিক ধনবলৰ ব্যৱহাৰ কাৰ্য ৰোধৰ ক্ষেত্ৰত আজিও কিয় আলোচনা কৰা হোৱা নাই বুলিহে প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷ লগতে কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ এই সভাত অংশগ্ৰহণ নকৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে,এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ দ্বাৰা দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে এক সভাৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোডীয়ে ৷

Intro:বটদ্ৰৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ উদ্যোগত সজাগতামুলক সমদল ।
Body:সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বটদ্ৰৱাৰ বাটমাৰী আৰু আলিটাঙনীত বুধবাৰে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰে। সজাগতামূলক সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে অংশ গ্ৰহণ কৰি সমাজৰ পৰা অন্যায়, ব্যভিচাৰ, নানান অপৰাধমূলক কাৰ্য্য প্ৰতিৰোধ কৰাৰ লগতে প্ৰতি ঘৰত শিক্ষাৰ পোহৰ সু- নিশ্চিত কৰা আৰু নাৰীক সবলীকৰণৰ কৰাৰ বাবে ৰাইজক আহ্বান জনাই। সভাৰ অন্তত আমছুৰ কৰ্মীৰ লগতে বিভিন্ন বিদ্যালয় পৰা অহা তিনি শতাধিক ছাত্ৰ- ছাত্ৰীক লগত লৈ এখনি সজাগতামূলক সমদল উলিওৱা হয়। ইপিনে আমছুৰ বলিকটিয়া আঞ্চলিক সমিতিৰ উদ্যোগতো বাটমাৰীত সজাগতামূলক সমদল উলিয়াই হয়। সমদলত আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন, উপ সভাপতি জহিৰুল ইছলাম, মিজানুৰ ৰহমান, শ্বৰিফুল ইছলামৰ লগতে প্ৰায় তিনি শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.