ETV Bharat / bharat

মোবাইল ফোনৰ বিকিৰণ হ্ৰাস কৰিব গৰুৰ গোবৰে - গুজৰাটৰ ৰাজকোটস্থিত শ্ৰীজি গৌশালা

মোবাইল ফোনৰ তেজষ্ক্ৰিয় বিকিৰণ হ্ৰাসত সহায় কৰিব গৰুৰ গোবৰে ।

গৰুৰ গোবৰ
গৰুৰ গোবৰ
author img

By

Published : Oct 14, 2020, 1:02 PM IST

নিউজ ডেস্ক, ১৪ অক্টোবৰ : গৰুৰ গোবৰৰ পৰা নিৰ্মিত এবিধ বিশেষ সজুলিয়ে মোবাইল ফোনৰ পৰা হোৱা তেজষ্ক্ৰিয় বিকিৰণ হ্ৰাসত সহায় কৰিব বুলি দাবী কৰিছে এগৰাকী চৰকাৰী বিষয়াই । কেৱল সেয়াই নহয়, এই সজুলিটোৱে ব্যৱহাৰকাৰীক বিভিন্ন বেমাৰৰ পৰাও ৰক্ষা কৰিব বুলি বিষয়াগৰাকীয়ে দাবী কৰিছে ।

গৰুৰ গোবৰ
গৰুৰ গোবৰ

ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ অধ্যক্ষ বল্লভভাই কাঠিৰিয়াই এই দাবী কৰিছে । তেওঁৰ মতে,গৰুৰ গোবৰ তেজষ্ক্ৰিয় বিকিৰণ প্ৰতিৰোধী আৰু ই সকলোকে বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম ।

কামধেনু দিপাৱলী অভিযানৰ অংশ হিচাপে এই সজুলিটো ১২ অক্টোবৰত মুকলি কৰা হয় । এই অভিযানৰ দ্বাৰা সমগ্ৰ দেশতে গৰুৰ গোবৰৰ উপকাৰিতা সম্বন্ধে প্ৰচাৰ কৰিব আয়োগে ।

এই বিশেষ সজুলিবিধক গৌস্তভা কৱচ নাম দিয়া হৈছে আৰু ইয়াক মোবাইল ফোনৰ বিকিৰণ প্ৰতিৰোধী হিচাপে তৈয়াৰ কৰা হৈছে । গুজৰাটৰ ৰাজকোটস্থিত শ্ৰীজি গৌশালাই ইয়াক তৈয়াৰ কৰিব উলিয়াইছে ।

২০১৯ত স্থাপন কৰা ৰাষ্ট্ৰীয় কামধেনু আয়োগে গৰু আৰু গৰুৰ বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু উন্নতিৰ ওপৰত কাম কৰি আহিছে । মীন পালন আৰু পশুপালন মন্ত্ৰালয়ৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ।

আয়োগৰ অধ্যক্ষ কাঠিৰিয়াই চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে মেড ইন ইণ্ডিয়াৰ অধীনত নিৰ্মাণ কৰা স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.