ETV Bharat / bharat

ভাৰতৰ নিজাববীয়া ৬০ হাজাৰ কোটি টকীয়া পিপিই উদ্যোগ ! - ব্যক্তিগত সুৰক্ষা সৰঞ্জাম

পিপিই কীট্ছৰ ক্ৰমবৰ্ধমান চাহিদাৰ মাজতেই নিজাববীয়াকৈ ৬০,০০০ কোটি টকাৰ দেশীয় পিপিই উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতে । কেৱল পিপিই পোছাকে নহয় ভাৰতে বৰ্তমান ভেন্টিলেটৰ, N৯৫ মাস্ক, N৯৯ মাস্ক, ডায়গ'নেষ্টিক কীট্ ইত্যাদি সামগ্ৰী প্ৰস্তুত কৰিবলৈও সক্ষম বুলি উল্লেখ কৰে Covid-১৯ ৰ ওপৰত ক্ষমতাপ্ৰাপ্ত গ্ৰুৰ-৩ ৰ সভাপতিত্ব কৰি থকা ফাৰ্মাচিউটিকেল বিভাগৰ সভাপতি ডাঃ পি ডি ভাগেলাই ।

Covid19 effect: India now own Rs 60,000 crore PPE industry
Covid19 effect: India now own Rs 60,000 crore PPE industryCovid19 effect: India now own Rs 60,000 crore PPE industry
author img

By

Published : May 2, 2020, 1:27 PM IST

নতুন দিল্লী, ২ মে' : Covid-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশ সমূহত ক্ৰমা বৃদ্ধিৎ পাইছে ব্যক্তিগত সুৰক্ষা সৰঞ্জাম চমুকৈ পিপিই কীট্ছৰ চাহিদা । এই বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰততে নিজাববীয়াকৈ স্থাপন কৰিবলৈ সক্ষম হৈছে ৬০ হাজাৰ কোটি টকীয়া এক দেশীয় পিপিই কীট্ছৰ উদ্যোগ ।

নতুন দিল্লীত শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ফাৰ্মাচিউটিকেল বিভাগৰ সভাপতি ডাঃ পি ডি ভাগেলাই । ইয়াৰ লগতে তেওঁ কয়, ভাৰতে এতিয়া কেৱল পিপিই পোছাকে নহয় ভেন্টিলেটৰ, N৯৫ মাস্ক, N৯৯ মাস্ক, ডায়গ'নেষ্টিক কীট্ছৰ লগতে HCQ ৰ দৰে আৱশ্যকীয় সামগ্ৰী ইত্যাদি প্ৰস্তুত কৰি উলিয়াবলৈও সক্ষম ।

ডাঃ ভাগেলাই বৰ্তমান Covid-১৯ ৰ ওপৰত ক্ষমতাপ্ৰাপ্ত গ্ৰুৰ-৩ ৰ সভাপতিত্ব কৰি থকাৰ লগতে ভাৰতত চিকিৎসা সামগ্ৰীৰ যোগান, উৎপাদন, সংগ্ৰহৰ ওপৰত চোৱা-চিতা কৰি আছে । তেওঁ কয়, প্ৰথম অৱস্থাত আমাৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান আহি পৰিছিল । তাৰ পাচতেই সেই অনুযায়ী পৰিকল্পনা হাতত লোৱা হয় । বৰ্তমান সমগ্ৰ বিশ্বতে চিকিৎসা সামগ্ৰীৰ অভাৱনীয় হাৰত চাহিদা বৃদ্ধি পাইছে । পূৰ্বতে বহু সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হৈছিল ।

ভাৰতত বৰ্তমান ৭৫,০০০ হাজাৰ ভেণ্টিলেটৰৰ প্ৰয়োজন কিন্তু ভাৰতত বৰ্তমান আছে ১৯,৩৯৮ টা ভেণ্টিলেটৰ । এতিয়া ৬০,৮৮৪ টা ভেণ্টিলেটৰৰ অৰ্ডাৰ কৰা হৈছে । কিন্তু ইয়াৰে কেৱল ১ হাজাৰ ভেণ্টিলেটৰহে বাহিৰৰ পৰা আমদানিকৃত ।

চৰকাৰে ইতিমধ্য়ে ৫৯,৮৮৪ টা ভেণ্টিলেটৰ ঘৰুৱা উৎপাদক BEL, Skanray, AMTZ, Maruti Suzuki ক জুনৰ ভিতৰত যোগান ধৰিবলৈ কৈছে । আনহাতে অক্সিজেন উৎপাদনৰ ক্ষেত্ৰতো ভাৰতৰ যথেষ্ট বেছি ক্ষমতা আছে বুলি উল্লেখ কৰে ভাগেলাই ।

ভাৰতত বৰ্তমানে ২.০১ কোটি পিপিই পোছাকৰ চাহিদা পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ২.২২ কোটি অৰ্ডাৰ দিয়া হৈছে । ইয়াৰে কেৱল ৮০ লাখ পোছাক হে বিদেশৰ পৰা আমদানি কৰা হৈছে । ঘৰুৱা বজাৰত ভাৰতৰ প্ৰত্যেক দিনাই পিপিই পোছাক উৎপাদনৰ ক্ষমতা হৈছে ১.৮৭ লাখ । DRDO ৰ দ্বাৰাও তিনি ধৰণৰ পিপিই পোছাক তৈয়াৰৰ কথা উল্লেখ কৰে ডঃ ভাগেলাই ।

আনহাতে N৯৫ and N৯৯ মাস্কৰ ক্ষেত্ৰত ভাৰতত বৰ্তমান ২.৭২ কোটি মাস্কৰ চাহিদা দেখা পোৱা গৈছে । সেই অনুপাতে ১.৪৯ কোটি মাস্ক ভাৰততে তৈয়াৰ কৰাৰ বিপৰীতে ১ কোটি মাস্ক বিদেশৰ পৰা আমদানি কৰা হৈছে বুলিও উল্লেখ কৰা হয় । মাস্কৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি দিনে ভাৰতৰ সক্ষমতা হৈছে ২.৩০ লাখ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.