নেশ্যনেল ডেস্ক, 4 জানুৱাৰী : ছত্তীশগড়ৰ বস্তৰত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ‘ব কৰ‘ণাৰ প্ৰতিষেধক প্ৰদানৰ কাম ৷ এই ক্ষেত্ৰত কৰ‘ণাৰ প্ৰতিষেধকক বস্তৰ, সংভাগ তথা ইয়াৰ ভিতৰোৱা অঞ্চলসমূহলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰশাসন ৷ কিয়নো বস্তৰৰ কেইবাটাও অঞ্চলত নক্সালবাদীয়ে ভাবুকি প্ৰদান কৰিছে, লগতে উক্ত অঞ্চলৰ পৰা কৰ‘ণাৰ প্ৰতিষেধক লুটি নিয়াৰো আশংকা ব্যক্ত কৰা হৈছে ৷
চোৰাংচোৱা বিভাগৰ পৰা আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি নক্সালবাদীয়ে কৰ‘ণাৰ প্ৰতিষেধক লুটি নিব পাৰে ৷ এই খবৰ লাভ কৰাৰ পাছতে বৰ্তমান সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে প্ৰশাসন ৷
এতিয়া কৰ‘ণাৰ প্ৰতিষেধকসমূহক সুৰক্ষিতভাৱে নক্সালবাদীৰ প্ৰভাৱ থকা উক্ত অঞ্চলসমূহৰ কেন্দ্ৰবোৰলৈকে লৈ যোৱাৰ ক্ষেত্ৰত আৰক্ষীৰ কান্ধত গধুৰ দায়িত্ব আহি পৰিছে ৷
লগতে পঢ়ক: পাঁচটাকৈ নতুন জীৱন দানেৰে 20 মহীয়া এটি শিশু হৈ পৰিল কনিষ্ঠতম অংগদাতা