ETV Bharat / bharat

শুকুৰবাৰৰ দিনটোত তেলেংগানাত চিনাক্ত হ'ল ১,৪৭৮ গৰাকী ক'ভিড পজিটিভ - ক'ভিড-১৯ৰ ভাইৰাছ

শুকুৰবাৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে সদৰি কৰা মতে এতিয়ালৈকে মহামাৰী কৰ'ণা ভাইৰাছৰ দ্বাৰা ৪০৩ গৰাকী লোকৰ মৃত্যু ঘটিছে । শুকুৰবাৰৰ দিনটোতে ১৪৭৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৭গৰাকী লোকৰ । ৰাজ্যখনত ভয়াবহ ভাৱে কৰ'ণাৰ সংক্ৰমণ ঘটি বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা হৈছে ৪২,৪৯৬ গৰাকী ।

COVID LIVE:  Telangana reported 1,478 new cases on Friday
শুকুৰবাৰৰ দিনটোত তেলেংগানাত চিনাক্ত হ'ল ১,৪৭৮ গৰাকী ক'ভিড পজিটিভ
author img

By

Published : Jul 18, 2020, 1:31 PM IST

নিউজ ডেস্ক,১৮জুলাই : একেটা দিনতে ৮০৬ গৰাকীকৈ লোকৰ শৰীৰত ক'ভিড-১৯ ধৰা পৰা গ্ৰেটাৰ হায়দৰাবাদ হৈ পৰিছে ক'ৰণাৰ হ'টস্পট । একে ধৰণে ৰাজ্যখনৰ অন্যান্য প্ৰান্ততো ভয়াবহভাৱে সংক্ৰমণ হৈছে মাৰাত্মক ভাইৰাছৰ । হায়দৰাবাদৰ গাতে লাগি থকা ৰঙ্গাৰেড্ডী আৰু মেদচ'ল জিলা দুখনত শুকুৰবাৰে ক'ভিড-১৯ৰ সংক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা হৈছে ক্ৰমে ৯১ আৰু ৮২ । তাৰোপৰি সমগ্ৰ ৰাজ্যখনৰ ৩৩ খন জিলাৰ ভিতৰত ৩০খন জিলাতেই পোৱা গ'ল ক'ভিড আক্ৰান্ত লোক ।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰৰ দিনটোত ১৪১০ গৰকী ক'ভিড আক্ৰান্ত সুস্থ হৈ উঠাৰ বাবে তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবৰ বাবে অনুমতি দিয়া হৈছে । তাৰোপৰি বৰ্তমানলৈকে ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৩৮,৭০৫ গৰাকী । এই হিচাবত ৰাজ্যত এতিয়ালৈকে ৬৮ শতাংশ ৰোগী সুস্থ হৈ উঠিছে । আনহাতে চিকিৎসালয় অথবা হোম আইচ'লেশ্ব্যনত মুঠ ১৩,৩৮৯ গৰাকী ক'ভিড-১৯ আক্ৰান্ত ৰোগীক চিকিৎসা কৰি থকা হৈছে ।

ৰাজ্যখনত ক'ভিড-১৯ৰ ভাইৰাছ চিনাক্ত কৰাৰ বাবে দৈনিক পৰীক্ষাৰ সংখ্যা অধিক কৰি তোলা হৈছে । বৰ্তমানলৈ ৰাজ্যখনত ২,৩৭,৮১৭ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ।

ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে, প্ৰতি ১০লাখ জনসংখ্যাৰ বিপৰীতে ৪,৯৪৫ গৰাকী লোকৰ হিচাবত নমুনা সংগ্ৰহৰ কাম সম্পন্ন হৈছে । ৰাজ্যৰ ১৬টা চৰকাৰী আৰু ২৩টা বেচৰকাৰী পৰীক্ষাগাৰকে ধৰি মুঠ ৩৯টা পৰীক্ষাগাৰ এই নমুনা পৰীক্ষণৰ কাম অব্যাহত আছে । ইতিমধ্যে স্বাস্থ্য বিভাগে পৰীক্ষাগাৰ সমূহৰ সম্পূৰ্ণ তালিকাও প্ৰকাশ কৰিছে । ৰাজ্যখনত ইতিমধ্যে ১৭,০৮১খন বিচনাৰে ৬১খন ক'ভিড চিকিৎসালয়ত চিকিৎসা চলাই থকা হৈছে ।

লগতে ৫৭খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ তালিকাও স্বাস্থ্য বিভাগে ঘোষণা কৰিছে । ইয়াৰে অধিকাংশ চিকিৎসালয়েই হায়দৰাবাদ অথবা চুবুৰীয়া জিলাসমূহত অৱস্থিত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.