ETV Bharat / bharat

তেলেংগানাত অট'ৰিক্সাৰে কঢ়িয়ালে COVID-19 ৰোগীৰ মৃতদেহ

মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ অট'ৰিক্সাৰে কঢ়িয়াইছে তেলেংগানাৰ নিজামাবাদত । নিজামাবাদৰ এই দৃশ্য ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত ।

 COVID-19
তেলেংগানাত অট'ৰিক্সাৰে কঢ়িয়ালে COVID-19 ৰোগীৰ মৃতদেহ
author img

By

Published : Jul 12, 2020, 6:06 PM IST

নিউজ ডেস্ক, ১২ জুলাইঃ তেলেংগানাৰ নিজামাবাদ চহৰত স্বাস্থ্য বিভাগৰ অবহেলাৰ বাবেই সংঘটিত হয় এক অমানবীয় ঘটনা । মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ কঢ়িওৱা হয় এখন অট'ৰিক্সাত । শুকুৰবাৰে COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ মৃতদেহ নীতি-নিয়ম উলংঘা কৰি এনেদৰে মৃতদেহ কঢ়িওৱা দৃশ্য শনিবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাচতে অধিক হাৰত চৰ্চিত হৈছে বিষয়টো ।

আনহাতে, মৃতদেহটো এখন চৰকাৰী হাস্পতালৰ পৰাই তিনিচকীয়া বাহনেৰে শ্মশানলৈ লৈ যোৱা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় । হাস্পতালখনত এম্বুলেঞ্চ নাছিল বাবেই এনেদৰে মৃতদেহটো লৈ যোৱা হয় বুলি জানিবলৈ দিয়ে অটোচালকজনে । তাৰোপৰি, ঘটনা সন্দৰ্ভত Director of Medical Educationৰ নিৰ্দেশক ৰমেশ ৰেড্ডীয়ে হাস্পতালখনৰ অধীক্ষক ঘটনা সন্দৰ্ভত তদন্ত কৰি ঘটনাৰ লগত জড়িত কৰ্মচাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : নগা বিদ্ৰোহৰ ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.