ETV Bharat / bharat

নিৰ্বাচন প্ৰক্ৰিয়াৰে হ'ব COVID-১৯ প্ৰতিষেধকৰ টীকাকৰণ : হৰ্ষবৰ্ধন

author img

By

Published : Jan 3, 2021, 11:29 AM IST

নিৰ্বাচন প্ৰক্ৰিয়াৰে COVID-১৯ প্ৰতিষেধক প্ৰদান কৰা হ'ব । ইয়াৰ বাবে পুলিং কেন্দ্ৰ স্থাপন কৰা হৈছে । ৫৭,০০০তকৈও অধিক লোকে COVID-১৯ প্ৰতিষেধক টীকাকৰণৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে ।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধন

নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী : বিশ্বজুৰি অতিমাৰী কৰ'ণাৰ ভয়াৱহতা আৰু ইয়াৰ নতুন ষ্ট্ৰেইন দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সময়তে ভাৰততো কৰ'ণা প্ৰতিষেধক টীকাকৰণৰ কাম ইতিমধ্যে আৰম্ভণিৰ প্ৰস্তুতি চলোৱা হৈছে । নিৰ্বাচন সদৃশ হ'ব COVID-১৯ প্ৰতিষেধক টীকাকৰণ । যাতে কোনো এজন লোক টীকাকৰণৰ পৰা বিৰত থাকিব নালাগে । ইয়াৰ বাবে প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিয়া হৈছে ।

প্ৰতিখন জিলাতে COVID-১৯ প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে । দেশৰ ৭১৯ খন জিলাত ৫৭,০০০তকৈও অধিক লোকে COVID-১৯ প্ৰতিষেধক টীকাকৰণৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে । বৰ্তমানলৈ ৯৬,০০০ টীকাকৰণ দিয়া লোকক প্ৰশিক্ষণ দিয়া হৈছে । এই কথা টুইটযোগে জনায় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে ।

  • Vaccination drive has been based on election process planned down to the booth level.

    A humungous exercise to augment skilled personnel is underway.

    🔸57,000+ participants across 719 districts have completed training.

    🔹96,000 vaccinators have been trained so far. pic.twitter.com/Xn4HLE2loj

    — Dr Harsh Vardhan (@drharshvardhan) January 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সমগ্ৰ দেশতে টীকাকৰণ অভিযান পূৰ্ণগতিত চলিছে । শনিবাৰে মন্ত্ৰীগৰাকীয়ে দিল্লীৰ চাহদাড়াস্থিত গুৰু টেগ বাহাদুৰ হাস্পতাল চমুকৈ GTB আৰু নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চমুকৈ UPHC COVID-১৯ প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰত উপস্থিত হৈ ড্ৰাই ৰাণ প্ৰশিক্ষণৰ নিৰীক্ষণ কৰে । লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহতো ইয়াৰ পৰিদৰ্শন কৰি সকলোকে নিশ্চিন্তমনে টীকাকৰণ ল'বলৈ আহ্বান জনায় আৰু প্ৰথম পৰ্যায়ৰ টীকাকৰণ সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব বুলিও কয় । প্ৰাথমিক পৰ্যায়ত জুলাই মাহলৈকে ২৭ কোটি লোকক টীকাকৰণৰ অন্তিম ৰূপ দিয়াৰ বাবে পৰ্যালোচনা কৰা হৈছে ।

ইফালে পুণেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ SIIক জৰুৰীকালীন ব্যৱহাৰৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে CDSCO ৰ বিষয় বিশেজ্ঞ সমিতিয়ে এক বৈঠক অনুষ্ঠিত কৰি অনুৰোধ জনায় ।

লগতে পঢ়ক: সংঘাতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৰাইজৰ জীৱন দুৰ্বিসহ কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.