ETV Bharat / bharat

COVID-19: ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডল গুৰুত্বপূৰ্ণ বৈঠক - অমিত শ্বাহ

শুকুৰবাৰে অমিত শ্বাহ আৰু নিৰমলা সীতাৰমণৰ উপস্থিত ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰীমণ্ডলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত লক ডাউন সময়ছোৱাত দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰে মন্ত্ৰীমণ্ডলে ।

COVID-19
COVID-19: ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডল গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Apr 10, 2020, 7:14 PM IST

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ শুকুৰাৰে কেন্দ্ৰীয় মন্ত্ৰী সলকৰ মাজত মহামাৰী COVID-19 ক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২১ দিনীয়া লক ডাউনৰ সময়সীমা চমু চাপিছে যদিও ১৪ এপ্ৰিলৰ পাচতো ৰে'ল সেৱা বাতিল কৰা হ'ব বুলি সদৰী কৰে বৈঠকত ।

COVID-19
COVID-19: ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীমণ্ডল গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে, বৈঠকত লক ডাউনৰ সময়ছোৱাত দেশৰ অৰ্থনৈতিক অৱস্থাত পৰা প্ৰভাৱৰ ওপৰতো বিস্তাৰিতভাৱে আলোচনা কৰে ।

উল্লেখ্য যে, ১৪ এপ্ৰিল পাচত ৰে'ল সেৱা পুনৰ আৰম্ভৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । কিন্তু বৃহস্পতিবাৰে ৰে'ল মন্ত্ৰণালয়ৰ বিষয়াৰ ভাষ্য অনুসৰি বৰ্তমান পৰ্যন্ত ৰে'ল সেৱা সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই ।

আনহাতে, DRM চেন্নাই এক টুইটযোগে ১৫/04/2020 পৰা ৰে'ল সেৱা আৰম্ভ হ'ব বুলি সদৰী কৰিছিল । কিন্তু তাৰ কিছু সময় পাচত টুইটো ডিলিট কৰি ভূলবশত টুইটো পোষ্ট হৈছিল বুলি সদৰী কৰে ।

শুকুৰবাৰে অনুষ্ঠিত মন্ত্ৰী মণ্ডলীৰ বৈঠকত সভাপতিত্ব কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । আনহাতে, বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰমলা সীতাৰমণকে ধৰি বহু কেইগৰাকী জেষ্ঠ মন্ত্ৰী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.