ETV Bharat / bharat

চীনৰ পৰা মেডিকেল সামগ্ৰী লৈ দিল্লীত উপস্থিত স্পাইচজেটৰ বিমান - অসামৰিক বিমান পৰিবহন

স্পাইচজেটৰ এখন বিমানে চীনৰ পৰা মেডিকেলৰ সাহাৰ্য সামগ্ৰী লৈ শুকুৰবাৰে নিশা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । এইখন হৈছে প্ৰথমখন ভাৰতীয় কাৰ্গো-অন-ছীট বিমান যিয়ে এইদৰে সাহাৰ্য সামগ্ৰী কঢ়িয়াই আনিছে ।

দিল্লীত উপস্থিত স্পাইচজেটৰ বিমান
দিল্লীত উপস্থিত স্পাইচজেটৰ বিমান
author img

By

Published : Apr 26, 2020, 10:51 AM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ চীনৰ ছাংঘাইৰ পৰা মেডিকেল সাহাৰ্য সামগ্ৰী লৈ ভাৰতত উপস্থিত হয় স্পাইচজেটৰ এখন বিমান । স্পাইচজেটৰ ফ্ৰেইটাৰ SG 7017 বিমানখনে ১৮ টন মেডিকেল আৰু জৰুৰীকালীন সাহাৰ্য সামগ্ৰী লৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ।

চীনৰ পৰা মেডিকেল সামগ্ৰী লৈ দিল্লীত উপস্থিত স্পাইচজেটৰ বিমান

উল্লেখ্য যে,স্পাইচজেট হৈছে ভাৰতৰ প্ৰথম কাৰ্গো-অন-ছীট বিমান পৰিবহনকাৰী সংস্থা যিয়ে, ৭ এপ্ৰিলত চীনলৈ উৰা মাৰিছিল । বিমান পৰিবহনকাৰী সংস্থাটোৱে ইয়াৰ B737 আৰু Q400 যাত্ৰীবাহী বিমান দুখন কাৰ্গো সেৱাত ব্যৱহাৰ কৰিছে আৰু লক ডাউন আৰম্ভ হোৱাৰ পিচৰে পৰা বৰ্তমানলৈ ৫২২ বাৰ উৰণ সম্পন্ন কৰি ৩,৯৯৩ টন সাহাৰ্য সামগ্ৰী সৰবৰাহ কৰিছে ।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি,উড়ানৰ সহযোগত এতিয়ালৈকে ৩,৬৩,৮১৯ কিলোমিটাৰত ৩৬৮ বাৰ উৰণৰ দ্বাৰা ৬৪৯ টন সামগ্ৰী সৰবৰাহ কৰা হৈছে । এয়াৰ ইণ্ডিয়াৰ লগতে,ব্যক্তিগত খণ্ডৰ বিমান পৰিবহনকাৰী সংস্থা ইণ্ডিগো আৰু ব্লুডাৰ্টেও এইদৰে সাহাৰ্য সামগ্ৰী সৰবৰাহ কৰিছে ।

ভাৰত আৰু চীনৰ মাজত ফামাৰ্চিউটিকেলছ, মেডিকেল সামগ্ৰী আৰু অন্যান্য কোভিড-১৯ সম্পৰ্কীয় সামগ্ৰী সৰবৰাহৰ বাবে এক কাৰ্গো এয়াৰ ব্ৰীজ গঢ়ি তোলা হৈছে ।

লগতে পঢ়কঃ পিতৃলৈ বিশেষ উপহাৰ অভিনেতা ৰাজীৱ খাণ্ডেলৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.