ETV Bharat / bharat

জম্মু-কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে স্থাপন ক'ভিড-19 পৰীক্ষণ কেন্দ্ৰ

author img

By

Published : Jul 18, 2020, 7:31 PM IST

বহিঃৰাজ্যৰ পৰা জম্মু-কাশ্মীৰলৈ অহা শ্ৰমিকৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কাজিগুন্দত স্থাপন কৰা হৈছে এক বিশেষ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ কেন্দ্ৰ ৷

জম্মু-কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে স্থাপন ক'ভিড-19 পৰীক্ষণ কেন্দ্ৰ
জম্মু-কাশ্মীৰত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে স্থাপন ক'ভিড-19 পৰীক্ষণ কেন্দ্ৰ

নিউজ ডেস্ক, 18 জুলাই : জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কাজিগুন্দত বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিকৰ বাবে স্থাপন কৰা হৈছে এক বিশেষ কেন্দ্ৰ ৷ কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিকসকলৰ বাবে স্থাপন কৰা হৈছে পৰীক্ষণ আৰু নমুনা সংগ্ৰহ কেন্দ্ৰটো ৷

কেন্দ্ৰীয়শাসিত অঞ্চলটোত ইটাৰ ভাটাত কাম কৰা শ্ৰমিকসকল প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ শ্ৰমিকসকলৰ বাবে এইটো পৰীক্ষণ কেন্দ্ৰ বিগত 14 জুলাইত স্থাপন কৰা হয় ৷ বৰ্তমানলৈ কেন্দ্ৰটোত প্ৰায় 3500 গৰাকী শ্ৰমিকৰ নমুনা সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা দণ্ডাধীশ ছৈয়দ জুবেইৰে ৷ কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়া ডাঃ আছিক হুছেইনে এইটো কেন্দ্ৰই অঞ্চলটোত শ্ৰমিকসকলৰ ক'ভিড-19 পৰীক্ষণৰ বাবে বিশেষ ভূমিকা পালন কৰিছে বুলি জানিবলৈ দিয়ে ৷

কেন্দ্ৰীয়শাসিত অঞ্চলটোলৈ অহা লোকসকলৰ পৰীক্ষণ সন্দৰ্ভত সৃষ্টি হোৱা বেমেজালিৰ বাবে এইটো কেন্দ্ৰ স্থাপন কৰা হয় ৷ আৰক্ষীকে ধৰি স্বাস্থ্য বিভাগৰ প্ৰত্যক্ষ সহযোগত কেন্দ্ৰটো পৰিচালনা কৰি থকা হৈছে আৰু ইয়াত বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ ক'ভিড-19ৰ প্ৰাৰম্ভিক পৰীক্ষণ সম্পন্ন কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যগত দিশটোৰ প্ৰতি ধ্যান ৰাখি তেওঁলোকক বিভিন্ন কামত নিয়োজিত কৰা হৈছে ৷

কেন্দ্ৰটোত শ্ৰমিকসকলৰ নমুনা সংগ্ৰহ কৰাৰ লগতে তেওঁলোকৰ থাৰ্মেল স্ক্ৰীনিং সম্পন্ন কৰা হয় ৷ ইয়াৰ লগতে তেওঁলোকৰ বয়-বস্তুসমূহৰো পৰীক্ষা কৰাৰ লগতে পাৰ হৈ যোৱা যান-বাহনৰো পৰীক্ষা কৰা হয় ৷ একেটা পৰীক্ষণ কেন্দ্ৰ 21 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাৰ বাবে আহিবলগীয়া তীৰ্থযাত্ৰীসকলৰ পৰীক্ষণৰ বাবেও ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ পোৱা গৈছে ৷ স্বাস্থ্য বিভাগৰ 18জনীয়া কৰ্মচাৰীৰ এটা দলে দিনে-নিশাই কেন্দ্ৰটোত সেৱা আগবঢ়াই আহিছে ৷

লগতে পঢ়কঃ কৰ'ণা ত্ৰাসৰ মাজতে কৃষিকাৰ্যত ব্যস্ত ৰাজ্যৰ চহা ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.