ETV Bharat / bharat

COVID-19: কয়দী সকলক সুৰক্ষিত স্থান প্ৰদান কৰিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ - লক ডাউনৰ ফলত কাৰাগাৰৰ পৰা মুক্ত

ভাৰতৰ মুখ্য ন্যায়াধীশ এচ এ বোবদে আৰু ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ এক বিচাৰপিঠে সমূহ ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই । লক ডাউনৰ সময়ত ৰেহাই দিয়া কয়দী সকল যাতে সুৰক্ষিত স্থানত থাকে তাৰ প্ৰতি গুৰুত্ব দিবলৈ কয় ।

COVID-19: কয়দী সকলক সুৰক্ষিত স্থান প্ৰদানৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Apr 8, 2020, 12:06 PM IST

নতুন দিল্লী, 8 এপ্ৰিলঃ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে । আৰক্ষী সঞ্চালক প্ৰদান সকলৰ জৰিয়তে প্ৰদান কৰিছে এই নিৰ্দেশ । লক ডাউনৰ ফলত কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া কয়দী সকল যাতে সুৰক্ষিত ভাৱে নিজৰ ঘৰত উপস্থিত হ'ব পাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে ।

লকডাউনৰ সময়চোৱাত কয়দী সকলক নিৰাপদে ৰখাৰ স্বাৰ্থত অস্থায়ী আৱাসস্থলত ৰাখিবৰ বাবেও বিকল্প ব্য়ৱস্থা কৰাৰ পৰামৰ্শ দিয়ে ।

ভাৰতৰ মুখ্য ন্যায়াধীশ এচ এ ব'বদে আৰু ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ এক বিচাৰপিঠে এই নিৰ্দেশনা দিয়ে । কৰ'ণা ভাইৰাচৰ সময়চোৱাত কাৰাগাৰৰ বিষয়টোক লৈ নিজাববিয়াকৈ এই নিৰ্দেশনা দিয়ে ।

বৰ্তমান পৰিস্থিতত কাৰাগাৰৰ এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে শীৰ্ষ ন্যায়ালয়ে । কৰ'ণা ভাইৰাচ সংক্ৰমণ ৰোধৰ বাবে বিগত 23 মাৰ্চত এক উচ্চস্তৰীয় সমিতি গঠন কৰি দি কাৰাগাৰত 7 বছৰৰ পৰা কাৰাবাস খটা আৰু গোচৰ চলি থকা কয়দী সকলক অন্তৱৰ্তীকালিন জামিনত মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল ।

লগতে কাৰাবাসত থকা কোনো কয়দীৰ ৰোগ হ'লেই পলম নকৰাকৈ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈয়ো নিৰ্দেশ দিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.