ETV Bharat / bharat

COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ - কৰ’ণা ভাইৰাছৰ সংক্ৰমণত জনসমাগম

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ে সোমবাৰে দেশজুৰি কাৰাগাৰসমূহক লৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ন্যায়ালয়ৰ বিচাৰপীঠে আগন্তুক 23 মাৰ্চ তাৰিখে COVID-19 মহামাৰী নিৰ্মূল সন্দৰ্ভত আদালতত হ’বলগীয়া আলোচনাক লৈ সহায়ৰ বাবে একোজন কৰ্মকৰ্তা নিয়োগ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আহ্বান জনায় ৷

COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ

author img

By

Published : Mar 16, 2020, 4:00 PM IST

নিউজ ডেস্ক, 16 মাৰ্চঃ বিশ্বব্যাপী কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে সোমবাৰে উচ্চতম ন্যায়ালয়ে দেশজুৰি কাৰাগাৰসমূহক লৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উচ্চতম ন্যায়ালয়ে কাৰাগাৰসমূহত হোৱা ভিৰ আৰু কাৰাবন্দীসকলৰ ক্ষেত্ৰত নিজাববীয়াকৈ সিদ্ধান্ত লয়

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে আৰু এল এন ৰাওৰ বিচাৰপীঠে COVID-19 মহামাৰী নিৰ্মূলৰ হেতু লোৱা সিদ্ধান্তৰ ওপৰত আগন্তুক 20 মাৰ্চৰ সময়সীমা ধৰি নিজা প্ৰতিক্ৰিয়া গ্ৰহণৰ বাবে কাৰাগাৰৰ পৰিচালক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবলৈ প্ৰতিবেদন দাখিল কৰে ৷

আদালতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আগন্তুক 23 মাৰ্চ তাৰিখে আদালতত এই COVID-19 মহামাৰী সন্দৰ্ভত হ’বলগীয়া আলোচনাক লৈ সহায়ৰ বাবে একোজন কৰ্মকৰ্তা নিয়োগ কৰিবলৈ আহ্বান জনায় ৷

ইফালে কিছু কিছু ৰাজ্যত এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও কিছু ৰাজ্যত উচিত উপায় গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৷ এক পৰ্যবেক্ষণৰ অন্তত উচ্চতম ন্যায়ালয়ে এই কথা সদৰি কৰে ৷

COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ
COVID-19 মহামাৰীঃ কাৰাগাৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ

ন্যায়ালয়ে সতৰ্ক কৰে যে, কৰ’ণা ভাইৰাছৰ সংক্ৰমণত জনসমাগমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ৷ COVID-19 মহামাৰীক লৈ উচ্চতম ন্যায়ালয়ে কিয় নিজাববীয়া সিদ্ধান্ত লৈছে এই সম্পৰ্কে কাৰণ দৰ্শাব বুলি বিচাৰপীঠে জানিবলৈ দিয়ে ৷

কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ ঘটনাৰ সংখ্যা দেওবাৰলৈ 110 টালৈ বৃদ্ধি পাইছে ৷ এই ক্ষেত্ৰত ভাৰতবৰ্ষত কেৰেলাৰ পিছত মহাৰাষ্ট্ৰত অধিক পৰিমাণে এই ঘটনাৰ উমান পোৱা গৈছে ৷

110 টালৈ বৃদ্ধি পোৱা ঘটনাৰ ভিতৰত দিল্লী আৰু কৰ্ণাটকত দুজন লোকৰ মৃত্যু হয় ৷ ইয়াৰে বাকী 17 জন লোক বিদেশী ৷ এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে ৷ ইয়াৰোপৰি 10 জন ৰোগীক ইতিমধ্যে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷

লগতে পঢ়কঃ COVID 19ত আক্ৰান্ত হৈ বিশ্বত প্ৰায় 6 হাজাৰ লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.