নিউজ ডেস্ক: ১০জুলাই: আমেৰিকাকে ধৰি বিশ্বৰ অন্যান্য দেশসমূহে কোভিড-১৯ৰ সবিশেষ তথ্য চীনে লুকুৱাই ৰখাৰ অভিযোগ তুলি অহাৰ সময়তে অৱশেষত চীন চৰকাৰৰ নিয়ন্ত্ৰিত এটা টেলিভিশ্ব্যন চেনেল CCTVৰ জড়িয়তে ৱুহানৰ এটা পৰীক্ষাগাৰৰ ভিতৰৰ কেইটিমান দুৰ্লভ দৃশ্য সম্প্ৰচাৰ কৰিলে । সকলোৰে ধাৰণা, ক'ৰণা ভাইৰাছ উলিয়াই পঠিওৱা এই ভয়াবহ ষড়যন্ত্ৰৰ উৎসয়েই আছিল ছবিত দেখুওঁৱা ৱুহানৰ এই P4 পৰীক্ষাগাৰটো ।
চৰকাৰৰ নিয়ন্ত্ৰিত চেনেল CCTVয়ে দেখুওৱা এই দৃশ্যাংশসমূহ পৰীক্ষাগাৰটোৰ বাহিৰৰ পৰা গ্লাছযুক্ত খিৰিকিৰে লোৱা হৈছিল, যাক প্ৰথমবাৰৰ বাবে লোৱা দৃশ্যাংশ বুলি উল্লেখ কৰিছিল । ২০১৭ চনত নিৰ্মাণ হোৱা এই পৰীক্ষাগাৰটোত অতি ভয়াৱহ 'Class 4' ৰোগৰ বাবে হোৱাকৈ তৈয়াৰ কৰা হৈছিল । অৱশ্যে চৰকাৰী চেনেলটোৱে পৰীক্ষাগাৰৰ ভিতৰত চলি থকা গৱেষণা সম্পৰ্কে কোনো তথ্য সম্প্ৰচাৰ নকৰিলে ।
ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ দুগৰাকীকৈ বিশেষজ্ঞই কোভিড-১৯ৰ মূল উৎস সন্ধানৰ লগতে বিষয়টো তদন্তৰ বাবে চীনৰ ৰাজধানীত উপস্থিত হৈছেগৈ । এটা বাতৰি এজেঞ্চিৰ খবৰত উল্লেখ কৰা মতে, শনি আৰু দেওবাৰৰ এই দুদিনীয়া ভ্ৰমণত এগৰাকী স্বাস্থ্য বিশেষজ্ঞ আৰু আনগৰাকী মহামাৰী বিশেষজ্ঞই কিদৰে জন্তুৰ পৰা মানৱ দেহলৈ এই মহামাৰী সম্প্ৰসাৰিত হ'ল সেই সন্দৰ্ভত অনুসন্ধান কৰিব ।
বিজ্ঞানীসকলৰ বিশ্বাস হৈছিল এই মহামাৰীবিধ প্ৰথমে বাদুলীৰ মাধ্যমেৰে উৎপন্ন হৈছিল । তাৰ পিচৰ বছৰত মধ্য চীনৰ ৱুহানৰ এখন খাদ্যৰ বজাৰত বিক্ৰীৰ বাবে অনা অন্য কোনো স্তন্যপায়ী প্ৰাণী যেনে civet cat, pangolin আদিৰ মাধ্যমেৰে মানৱ শৰীৰত সোমাই পৰিছিল । ভৱিষ্যতলৈ ভাইৰাছৰ এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবে ইতিমধ্যে চীনে কেতবোৰ বন্য জীৱৰ ব্যৱসায়ৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে, বহুকেইখন মাংসৰ বজাৰ বন্ধ কৰি দিছে ।
ইয়াৰ পূৰ্বে কোভিড-১৯ৰ সংকটৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীনক তীব্ৰ সমালোচনা কৰাৰ লগতে, বেইজিঙে সমগ্ৰ বিশ্বতে এই মহামাৰী সম্প্ৰসাৰিত কৰা অভিযোগ কৰিছিল । চীনক সমালোচনা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই ভাইৰাছ নিয়ন্ত্ৰণত বিফল চীনৰ লগত অধিকাংশ বাণিজ্যিক চুক্তি ভংগ কৰি দিছিল । ট্ৰাম্পে ভাইৰাছৰ সম্প্ৰসাৰণৰ অভিযোগত চীনকেই টাৰ্গেট কৰি আহিছে ।
ইতিমধ্যে ১২০ খনতকৈ অধিক দেশে ক'ৰণা ভাইৰাছৰ উৎপত্তিৰ উৎসৰ সন্ধানৰ লগতে, গোটেই বিষয়টো অনুসন্ধান কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক যোৱা মে' মাহতে আহ্বান জনাইছিল । ইফালে চীনৰ মতে এই ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ নোহোৱালৈকে বিশ্ব স্বাস্থ্য সংস্থা ৰ'ব লগা হ'ব পাৰে । ইফালে আমেৰিকা, ব্ৰাজিল, ভাৰত আদি দেশসমূহত আক্ৰান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি হৈ আহিছে ।
তথাপি হাৰ মানিব বিচৰা নাই চীনে । মহমাৰী ক'ৰণা ভাইৰাছৰ সংহাৰৰ বাবে উঠা অভিযোগ অস্বীকাৰ কৰি সকলোৰে দৃষ্টি অন্যফালে লৈ যোৱা বাবেহে আমেৰিকাই চেষ্টা চলাইছে বুলি চীনে অভিযোগ তুলিলে ।