নেশ্যনেল ডেস্ক, 13 মে' : COVID-19 টেষ্টিং কিট তথা অপৰ্যাপ্ত কোৱাৰেন্টাইন ব্যৱস্থাৰ অভাৱৰ বাবে নাগালেণ্ড চৰকাৰে ৰাজ্যলৈ প্ৰত্যাৱৰ্তন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা লোকসকললৈ 10,000 টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ বুধবাৰে এই কথা প্ৰকাশ কৰে নাগালেণ্ডৰ এজন চৰকাৰী বিষয়াই ৷
বিভিন্ন স্থানৰ পৰা নিজ ৰাজ্যলৈ প্ৰৱজিত লোকসকলক উভতাই অনা ৰাজ্যসমূহত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ নাগালেণ্ডৰ মুখ্য সচিব তেমজেন টয়ে মন্তব্য কৰে যে, দেশৰ বিভিন্ন স্থানত থকা নাগালেণ্ডৰ প্ৰায় 18,000 লোকে ৰাজ্যলৈ ঘূৰি আহিবৰ বাবে আবেদন জনাইছে ৷ সেয়েহে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, যিসকলে প্ৰত্যাৱৰ্তন নকৰি বৰ্তমানৰ স্থানতে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকক 10,000 টকাকৈ প্ৰদান কৰা হ'ব ৷
ৰাজ্যিক স্বাস্থ্য বিভাগে মঙলবাৰে কয় যে, ৰাজ্যৰ প্ৰথমটো COVID-19 পৰীক্ষণ গৱেষণাকেন্দ্ৰ প্ৰস্তুতিৰ বাবে প্ৰট'কল সম্পূৰ্ণ হৈ উঠিছে ৷ কহিমাৰ নাগা হাস্পতালত স্থাপন কৰিবলগা এই গৱেষণাকেন্দ্ৰৰ বাবে ICMR ৰ অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছে ৷
উল্লেখ্য যে, বৰ্তমানলৈকে নাগালেণ্ডত এজনো লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই আৰু সংগ্ৰহ কৰা নমুনাসমূহ পৰীক্ষণৰ বাবে অসম আৰু মনিপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷