ETV Bharat / bharat

COVID-১৯: উদ্ধৱ থাকৰে আৰু শাৰদ পাৱাৰৰ মাজত শেহতীয়া পৰিস্থিতিকলৈ বৈঠক - মহাৰাষ্ট্ৰ কৰ'ণাৰ শেহতীয়া পৰিস্থিতি

শনিবাৰে মহাৰাষ্ট্ৰত কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ তৃতীয়বাৰৰ বাবে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী উদ্ধৱ থাকৰে আৰু নেশ্য়নেল কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰ ।

COVID-19: Maha CM, NCP chief meet to discuss situation
উদ্ধৱ থাকৰে আৰু শাৰদ পাৱাৰৰ মাজত শেহতীয়া পৰিস্থিতিকলৈ বৈঠক
author img

By

Published : May 24, 2020, 9:44 AM IST

মুম্বাই, ২৪ মে': মহাৰাষ্ট্ৰত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ভয়াৱহতা । শনিবাৰে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত তৃতীয়বাৰৰ বাবে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৰাজ্যখনৰ মুখ্য়মন্ত্ৰী উদ্ধৱ থাকৰে আৰু নেশ্যনেল কংগ্ৰেছ দলৰ সভাপতি শাৰদ পাৱাৰ । এই বৈঠকত মুখ্য়মন্ত্ৰীৰ লগতে ৰাজ্যিক জল-উৎস মন্ত্ৰী জয়ন্ত পাটিল, শিৱ সেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাৱট, মুখ্য় সচিব অজয় মেহতাও উপস্থিত থাকে ।

এই বৈঠকত এনচিপি প্ৰধানে পৰ্যায় ক্ৰমে ৰাজ্যত অৰ্থনৈতিক কাৰ্য-কলাপৰ লগতে যাতায়ত চলাচল পুনৰ আৰম্ভ কৰাৰ ওপৰত অধিক জোৰ প্ৰদান কৰে । লগতে পাৱাৰে আমদানি, ৰপ্তানি, আভ্যন্তৰীণ নৌ-পৰিৱহন বৃদ্ধিৰ বাবেও উদ্যোগপতি বিশেষজ্ঞৰ সৈতে এই বিষয়ে আলোচনা কৰাৰ ওপৰতো অধিক প্ৰাধান্য দিয়া দেখা পোৱা যায় ।

উল্লেখ্য় যে, মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে আটাইতকৈ বেছি সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ । ৰাজ্যখনত বৰ্তমানলৈকে ৪৭,১৯০ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১,৫৭৭ জন লোক । আনহাতে মহাৰাষ্ট্ৰত এতিয়াও সক্ৰিয় হৈ আছে ৩২,২০৯ টা ঘটনা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.