নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : উত্তৰ প্ৰদেশৰ বান্দা জিলাত কৃষিকৰ্মৰ বাবে শ্ৰমিক বিচাৰি নাপাই আত্মহত্যাৰ পথ বাছি ল'লে এজন কৃষকে ৷ ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত ঘেঁহু শস্য চপাবৰ বাবে শ্ৰমিক বিচাৰি নোপোৱাৰ বাবে কৃষকজনে আত্মহত্যা কৰে বুলি দেওবাৰে প্ৰকাশ কৰে আৰক্ষীয়ে ৷
ৰামভৱন শুক্লা নামৰ কৃষকজনে জাৰি গাঁৱৰ এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰে ৷
মৃত লোকজনৰ পৰিয়ালৰ মতে, শুক্লাই যোৱা কিছুদিন ধৰি শ্ৰমিক বিচাৰি আছিল যদিও লকডাউনৰ বাবে কোনো লোকক বিচাৰি পোৱা নাছিল ৷
তেওঁলোকে কয় যে, শনিবাৰৰ দিনা শ্ৰমিক বিচাৰি যাওঁ বুলি ঘৰত কৈ আত্মহত্য়া কৰে কৃষকজনে ৷
আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়ে যে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত পৰিয়ালৰ হাতত চমজাই দিয়া হৈছে ৷ এই সম্পৰ্কত তদন্ত কৰিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে ৷