ETV Bharat / bharat

COVID-19: ভাৰতত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে ৮৫ লাখ - যোৱা ২৪ ঘণ্টাত

ভাৰতত অব্যাহত আছে প্ৰাণঘাতী কৰ'ণাৰ ত্ৰাস। বৰ্তমান ভাৰতত ৮৫,৫৩,৬৫৭ জন লোক COVID-19ত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৪৫,৯০৩ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে আৰু মৃত্যুৰে হাৰ মানিছে ৪৯০ গৰাকী ৰোগীয়ে।

COVID-19: ভাৰতত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে ৮৫ লাখ

author img

By

Published : Nov 9, 2020, 12:21 PM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: যোৱা ২৪ ঘণ্টাত কৰ'ণা আক্ৰান্তৰ ৪৫,৯০৩টা নতুন ঘটনা আৰু ৪৯০ জন ৰোগীৰ মৃত্যুৰ তথ্য পঞ্জীয়ন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত এতিয়ালৈকে ৮৫,৫৩,৬৫৭ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে আৰু ১,২৬,৬১১ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। বৰ্তমান কৰ'ণা আক্ৰান্তৰ ৫,০৯,৬৭৩ টা ঘটনা সক্ৰিয় হৈ আছে। আনহাতে, সুস্থ হৈ উঠিছে ৭৯,১৭,৩৭৩ জন লোক।

মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, দেশত আৰোগ্যৰ হাৰ ৯২.৫৬ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৮ শতাংশ। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে দেওবাৰে পৰীক্ষা কৰা ৮,৩৫,৪০১জনৰ নমুনাসহ এতিয়ালৈকে মুঠ ১১,৮৫,৭২,১৯২জন লোকৰ নমুনা পৰীক্ষা কৰিছে। মুঠ ১,৭১৯,৮৫৮ জন আক্ৰান্ত আৰু ৪৫,২৪০ জন ৰোগীৰ মৃত্যুৰে মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি সংক্ৰমণ হোৱা ৰাজ্য হিচাপে চিহ্নিত হৈছে।

ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লীত মহামাৰীৰ সংক্ৰমণ এতিয়াও অধিক হৈ আছে। দেওবাৰে দিল্লীত ৭,৭৪৫ টা নতুনা ঘটনা পোহৰলৈ আহে আৰু এই সংখ্যাই এদিনত হোৱা সংক্ৰমণৰ সকলো অভিলেষ ভংগ কৰিছে। ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ৭৭ জন লোকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে আৰু ই নতুন দিল্লীত মহামাৰীৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা এই পৰ্যন্ত হোৱা মৃত্যুৰ সংখ্যাৰ ভিতৰত আটাইতকৈ বেছি।

ইফালে, বিশ্বজুৰি কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৫০ মিলিয়ন স্পৰ্শ কৰিছে। জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ মতে সমগ্ৰ বিশ্বত মহামাৰীৰ কবলত পৰি ১,২৫,৫,২৫০ জন লোকৰ মৃত্যু হৈছে। সোমবাৰে পুৱালৈকে বিশ্ববিদ্যালয়খনৰ চেণ্টাৰ ফৰ ছিষ্টেম এণ্ড ইঞ্জিনিয়াৰিঙে শেহতীয়া তথ্য প্ৰকাশ কৰিছে যে, মুঠ আক্ৰান্তৰ সংখ্যা ৫০,৩১,৬,৫৭৬ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৫,৫,২৫০জন। চেণ্টাৰ ফৰ ছিষ্টেম এণ্ড ইঞ্জিনিয়াৰিঙৰ মতে, বিশ্বৰ ভিন্ন দেশৰ ভিতৰত ৯,৯৬১,৩২৪ জন আক্ৰান্ত আৰু ২,৩৭,৫৬৬ জনৰ মৃত্যুৰে সৰ্বাধিক সংক্ৰমণ হোৱা দেশৰ তালিকাৰ শীৰ্ষ স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ।

লগতে পঢ়ক:ধনতেৰাছৰ প্ৰাকমূহূৰ্তত মহানগৰীত জুৱেলাৰ্চ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.