ETV Bharat / bharat

24 ঘন্টাত 24,000 ব্যক্তি আক্ৰান্ত হৈছে কৰ'ণাত

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, এই পৰ্যন্ত সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্তৰ সংখ্যা 6,73,165 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা দেওবাৰলৈ 19,268 লৈ বৃদ্ধি হৈছে ৷ উল্লেখ্য যে, আজি একেৰাহে তৃতীয়টো দিন য'ত 20,000 তকৈ অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ আনহাতে এই পৰ্যন্ত আৰোগ্য হোৱা লোকৰ সংখ্যা 4,09,082 বুলি জানিব পৰা গৈছে ৷

COVID-19:
COVID-19:
author img

By

Published : Jul 5, 2020, 8:15 PM IST

নিউজ ডেস্ক, 5 জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰৰ দিনটোত দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 24,850 হোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা 613 বুলি জানিব পৰা গৈছে ৷ দেওবাৰে এই পৰ্যন্ত সৰ্বাধিক লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

লগতে পঢ়কঃ দিল্লীত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেণ্টাৰ মুকলি

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, এই পৰ্যন্ত সমগ্ৰ দেশজুৰি কৰ'ণাত আক্ৰান্তৰ সংখ্যা 6,73,165 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা দেওবাৰলৈ 19,268 লৈ বৃদ্ধি হৈছে ৷ উল্লেখ্য যে, আজি একেৰাহে তৃতীয়টো দিন য'ত 20,000 তকৈ অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ আনহাতে এই পৰ্যন্ত আৰোগ্য হোৱা লোকৰ সংখ্যা 4,09,082 বুলি জানিব পৰা গৈছে ৷

বিগত 24 ঘন্টাত হোৱা 613 টা মৃত্যুৰ ভিতৰত 295 গৰাকী লোক মহাৰাষ্ট্ৰৰ, 81 গৰাকী দিল্লীৰ, 65 গৰাকী তামিলনাডুৰ, 42 গৰাকী কৰ্ণাটকৰ, 24 গৰাকী উত্তৰ প্ৰদেশৰ, 21 গৰাকী গুজৰাটৰ, 19 গৰাকী পশ্চিমবংগৰ আৰু 12 গৰাকী অন্ধ্ৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, বিহাৰ, জম্মু আৰু কাশ্মীৰৰ 8 গৰাকী লোক, ৰাজস্থানৰ সাতজন লোক, হৰিয়াণা, মধ্য প্ৰদেশ, ওড়িশ্যা, পাঞ্জাব আৰু টেলেংগানাৰ 5 জনকৈ লোক, গোৱা আৰু ঝাৰখণ্ডৰ 2 গৰাকীকৈ লোক আৰু হিমাচল প্ৰদেশৰ এজন লোক বুলি তথ্য প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.