ETV Bharat / bharat

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক

author img

By

Published : Sep 18, 2020, 10:48 AM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ 96,424 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়া
ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়া

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ: ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই 18 ছেপ্তেম্বৰৰ দিনটোলৈ 52 লক্ষাধিক অতিক্ৰম কৰিলে ৷ বিগত 24 ঘণ্টাত 96,424 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক
ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক

ইয়াৰ লগে লগে সমগ্ৰ ভাৰতৰ্ষতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্য়া মুঠ 52,14,677 গৰাকী লোকলৈ বৃদ্ধি পায় ৷ লগতে দেশত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পায় 84,372 গৰাকীলৈ ৷ স্বাস্থ্য় মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত 24 ঘণ্টাত ভাৰতত 1,174 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, ভাৰতত বৰ্তমানলৈ 6,15,72,343 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ আনহাতে 17 ছেপ্তেম্বৰত ভাৰতত 10,06,615 টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছ ৷

লগতে পঢ়ক: চৰকাৰৰ তিনি বিধেয়ক কৃষকৰ বাবে 'বিপৰ্যয়': কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.