নিউজ ডেস্ক, ৩০ জুনঃ তেলেংগানাত সোমবাৰৰ দিনটোত ৯৭৫ গৰাকীৰ ব্যক্তিৰ দেহত নতুনকৈ লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । যাৰ পৰিপ্ৰেক্ষিতত তেলেংগানাত মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৫,৩৯৪ গৰাকীলৈ বৃদ্ধি পাই বুলি সদৰি কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে । তাৰোপৰি সোমবাৰৰ দিনটোত কৰ'ণাত আক্ৰান্ত হৈ ৬ গৰাকী লোকৰ মৃত্যু হয় বুলি সদৰি কৰে । যাৰ ফলত ৰাজ্যখনত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত হৈ মুঠ ২৫৩ গৰাকী লোকৰ মৃত্যু হয় বুলি উল্লেখ কৰে ।
ইয়াৰ ভিতৰত হায়দৰাৱাদত ৮৬১ গৰাকীৰো অধিক ব্যক্তি কৰ'ণাত আক্ৰান্ত হয় । লগতে হায়দৰাৱাদৰ সীমামূৰীয়া অঞ্চল ৰাংগাৰেড্ডী আৰু মেডচল জিলাত ৬০ গৰাকী ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰে ।
আনহাতে, ৰাজ্যখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ বাৰে ১৭,০৮১ খন বিচনা সংৰক্ষিত হৈ থকাৰ উপৰিও ৪,৪৮৯ গৰাকী অতিৰিক্ত স্বাস্থ্য কৰ্মী ৰখা হৈছে বুলিও সদৰি কৰে । লগতে হাস্পতালৰ ইনফ্ৰাট্ৰাকছাৰৰ বাবে ৪৭৫,৭৪ কোটি টকাৰ ধন ৰাশি মুকলি কৰে বুলিও সদৰি কৰে ।