ETV Bharat / bharat

জম্মু-কাশ্মীৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৭৩,০০০লৈ বৃদ্ধি

author img

By

Published : Sep 30, 2020, 6:26 AM IST

দেশৰ ভিন্ন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ। সোমবাৰে নতুনকৈ আক্ৰান্ত হৈছে ৮২৪জন লোক। বৰ্তমান ৭৩,০০০জনলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা ।

জম্মু-কাশ্মীৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৭৩,০০০লৈ বৃদ্ধি
জম্মু-কাশ্মীৰত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৭৩,০০০লৈ বৃদ্ধি

নেশ্যনেল ডেস্ক,২৯ছেপ্টেম্বৰ: কৰ'ণা মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ ভাৰতৰ ভিন্ন প্ৰান্ততো নিতৌ বৃদ্ধি পাইছে সংক্ৰমণ । জম্মু-কাশ্মীৰত সোমবাৰে ৮২৪জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । এই পৰিসংখ্যাৰে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৩,০০০জন । বৰ্তমান চিকিৎসাধীন হৈ আছে ১৭,৬০১জন ৰোগী । তথ্য আৰু জনসম্পৰ্ক বিভাগৰ তথ্য অনুসৰি জম্মুত ৫৪০ আৰু কাশ্মীৰত ২৮৪টা নতুন ঘটনা পঞ্জীয়ন কৰা হৈছে । কেন্দ্ৰীয় শাসিত প্ৰদেশখনত ৭৩,০১৪জন লোক কৰ'ণা মহামাৰীৰ কবলত পৰিছে । বৰ্তমানলৈকে ৫৪,২৬৪জন ৰোগী সুস্থ হৈ উঠিছে । আনহাতে ১৪জন ৰোগী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ পীড়িতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.