ETV Bharat / bharat

ভাৰতত COVID19 : বিগত 24 ঘন্টাত আক্ৰান্ত 773 গৰাকীসহ 5000ৰো অধিক আক্ৰান্ত - কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়

বিগত 24 ঘন্টাত ভাৰতত কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় 773 গৰাকী লোক ৷ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ লোকৰ ক্ষেত্ৰত ইতিমধ্যে ভাৰতে অতিক্ৰম কৰিছে 5000ৰ সংখ্যা ৷

ভাৰতত কোভিড-19
ভাৰতত কোভিড-19
author img

By

Published : Apr 8, 2020, 12:18 PM IST

Updated : Apr 8, 2020, 1:26 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ বিগত 24 ঘন্টাত ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্য়া 773 গৰাকীলৈ বৃদ্ধি হয় ৷ ইতিমধ্যে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 5000ৰো অধিক হৈছে ৷ অৱশ্যে বিগত দিনবোৰৰ তুলনাত আক্ৰান্তৰ সংখ্য়া কম হোৱা পৰিলক্ষিত হৈছে ৷

মঙলবাৰে সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত আক্ৰান্তৰ সংখ্যা 4,789 গৰাকী আছিল, য’ত সক্ৰিয় সংখ্যা আছিল 4,312 আৰু মৃত্যুৰ সংখ্যা আছিল 124 গৰাকী ৷ আনহাতে 352 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় ৷

ভাৰতত কোভিড-19ৰ কৱলত পৰা লোকসকলৰ ভিতৰত 70 গৰাকী বিদেশী নাগৰিকো আছে ৷

মন্ত্ৰালয়ৰ যুটীয়া সচিব, লভ আগৰৱালে প্ৰকাশ কৰা তথ্য অনুসৰি, মঙলবাৰে সন্ধিয়াৰ ভাগলৈ বিগত 24 ঘন্টাত 354 টা নতুন ঘটনা পোহৰলৈ আহে ৷ সোমবাৰে এই সংখ্যা 693 আৰু দেওবাৰে এই সংখ্যা 472 আছিল ৷

ৰাজ্যসমূহৰ পৰা পোৱা তথ্যৰ ভিত্তিত এই পৰিসংখ্য়া প্ৰত্যেকখন ৰাজ্যত ক্ৰমে, মহাৰাষ্ট্ৰ (868), তামিলনাডু (621), দিল্লী (576), তেলেংগানা (364), কেৰালা (327), উত্তৰ প্ৰদেশ (305), ৰাজস্থান (288), অন্ধ্ৰপ্ৰদেশ (266), মধ্যপ্ৰদেশ (229), কৰ্নাটক (175), গুজৰাট (165), জম্মু-কাশ্মীৰ (116), পঞ্জাৱ (91), পশ্চিমবংগ (91), হাৰিয়ানা (90), উৰিষ্যা (42), বিহাৰ (32), উত্তৰাখণ্ড (31), অসম (26), চণ্ডীগড় (18), ছত্তিশগড় (18), লাডাখ (14), হিমাচল প্ৰদেশ (90), আন্দামান নিকোবৰ (10), গোৱা (7), পণ্ডিচেৰী (5), ঝাৰখণ্ড (4), মনিপুৰ (2), ত্ৰিপুৰা (1), মিজোৰাম (1), আৰু অৰুণাচল প্ৰদেশ (1) গৰাকী ৷

Last Updated : Apr 8, 2020, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.