ETV Bharat / bharat

ক'ভিড-19ঃ ভাৰতত আৰোগ্যৰ হাৰে স্পৰ্শ কৰিলে 90 শতাংশৰ ঘৰ - পুনে

দেওবাৰে ভাৰতত ক'ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই স্পৰ্শ কৰিলে 90 শতাংশৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য ৷

ক'ভিড-19: ভাৰতত আৰোগ্যৰ হাৰে স্পৰ্শ কৰিলে 90 শতাংশৰ ঘৰ

author img

By

Published : Oct 25, 2020, 7:19 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰে যে ভাৰতত ক'ভিড-19 ত আৰোগ্যৰ সংখ্যাই 90 শতাংশৰ ঘৰ স্পৰ্শ কৰিছে ৷ দেশখনত ক'ভিড-19ত আক্ৰান্তই এনে হাৰত আৰোগ্য লাভ কৰাটো ভাৰতৰ বাবে এক উল্লেখনীয় সফলতা হিচাপে অভিহিত কৰা হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত ক'ভিডত আৰোগ্য লাভৰ সংখ্যাই 90 শতাংশ স্পৰ্শ কৰে ৷ বিগত 24 গন্টাত 62,077 গৰাকী লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পৰিৱৰ্তে আক্ৰান্তৰ সংখ্যা ৰৈছেগৈ 50,129 ত ৷ এক বিজ্ঞপ্তি অনুসৰি বৰ্তমান দেশখনত থকা ক'ৰণা আক্ৰান্তৰ সংখ্যা দেশখনৰ মুঠ আক্ৰান্তৰ কেৱল 8.50 শতাংশ ৷ সমান্তৰালকৈ আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধানো দেশখনত ক্ৰমান্বয়ে বাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ বৰ্তমান দেশখনত আৰোগ্য আৰু আক্ৰান্তৰ মাজৰ ব্যৱধানে 64 লাখৰ ঘৰ অতিক্ৰম কৰিছে ৷ বিগত এটা সপ্তাহত প্ৰত্যেকদিনেই মৃত্যুৰ সংখ্যা ক্ৰমাগত ভাৱে 1,000 তকৈ কমি আহিছে ৷ 2 অক্টোবৰৰ পৰাই ক'ৰণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটা লোকৰ সংখ্যা 1,100 তকৈ কম ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ 75 শতাংশ ; মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, তামিলনাডু, পশ্চিমবংগ, দিল্লী, অন্ধ্ৰ প্ৰদেশ, অসম, উত্তৰ প্ৰদেশ আৰু চত্তিশগড়কে ধৰি মুঠ 10 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কেন্দ্ৰীভূত হৈ আছে ৷ মহাৰাষ্ট্ৰত এটা দিনতেই প্ৰায় 10,000 লোকে আৰোগ্য লাভ কৰিছে ৷ ভাৰতৰ পৰীক্ষাগাৰেও আজি এক নতুন সফলতা লাভ কৰে ৷ দেশখনত পৰীক্ষাগাৰৰ সংখ্যাই আজি 2,000 অতিক্ৰম কৰে ৷ পুনেত মাত্ৰ এটা পৰীক্ষাগাৰেৰে আৰম্ভ হৈ এতিয়া দেশখনত মুঠ 2,003 টা পৰীক্ষাগাৰৰ আছে ৷ ইয়াৰ মাজত 1,126 টা চৰকাৰী আৰু 877 টা ব্যক্তিগত পৰীক্ষাগাৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.