ETV Bharat / bharat

ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

দেশত 79,46,429 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত দেশত নতুনকৈ 36,470 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷

ভাৰতত COVID-19ৰ শেহতীয়া তথ্য
ভাৰতত COVID-19ৰ শেহতীয়া তথ্য
author img

By

Published : Oct 27, 2020, 1:05 PM IST

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: বিগত 24 ঘণ্টাত নতুনকৈ 36,470 গৰাকী লোকৰ দেহত কৰ'ণা মহামাৰীৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে দেশত মুঠ 79,46,429 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে দেশজুৰি বগত 24 ঘণ্টাত মৃত্যুক সাৱটি লৈছে 488 গৰাকী লোকে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা প্ৰতিবেদনৰ ভিত্তিত উল্লেখ কৰা হৈছে এই তথ্য ৷

মঙলবাৰলৈ মুঠ আক্ৰান্তৰ সংখ্যাৰ ভিতৰত 6,25,857 গৰাকী সক্ৰিয়া আক্ৰান্ত ৰোগী থকাৰ লগতে 72,01,070 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বৰ্তমানলৈ দেশত মুঠ 1,19,502 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

উল্লেখ্য যে, এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ মুঠ আক্ৰান্তৰ সংখ্যাৰ 90.23 শতাংশ আৰু মৃত্যুৰ হাৰ 1.50 শতাংশ ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, ভাৰতত সোমবাৰৰ দিনটোত মুঠ 9,58,116 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ ইয়াৰ লগে লগে দেশত বৰ্তমানলৈ মুঠ 10,44,20,894 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.