নিউজ ডেস্ক, ২৭ জুলাইঃ বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ৪৯,৯৩১ গৰাকী ব্যক্তি । সোমবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰে এই কথা । সমগ্ৰ দেশজুৰি এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা হৈছে ১৪,৩৫,৪৫৩ গৰাকী । আনহাতে, এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩২,৭৭১ গৰাকী ব্যক্তিৰ । লগতে ২৭ জুলাই পুৱা পৰ্যন্ত মুঠ ৪,৮৫,১১৪ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকা বুলি সদৰি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ মন্ত্ৰণালয়ে ।
আনহাতে, চীনৰ ৱুহান চহৰৰ পৰা সংক্ৰমিত হোৱা এই ভাইৰাছত আক্ৰান্ত হৈ মৃ্ত্যু হৈছে ২৭ জুলাই পুৱা পৰ্যন্ত সমগ্ৰ বিশ্বত মৃত্যু হৈছে ৬,৫১,৬৭৪ গৰাকী লোকৰ । তাৰোপৰি বিশ্বজুৰি এই ভাইৰাছত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ১,৬৪,০৫,১৯৪ গৰাকীৰো অধিক লোক । তাৰ ভিতৰত বৰ্তমানেও ৫৭,১৫,৮৮৪ গৰাকী ব্যক্তিৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,০০,৩৭,৬৩৬ গৰাকী ব্যক্তি ।