ETV Bharat / sports

বিৰাট কোহলীৰ সৈতে এয়া কি হ’ল ? 10 বছৰত দেখা নাছিল এনে দিন... - VIRAT KOHLI

ICC Test Rankings: টেষ্ট ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শনৰ পৰিণাম ভূগিছে বিৰাট কোহলীয়ে ৷ বিগত 10 বছৰত কেতিয়াও এনে দিন দেখা নাছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

VIRAT KOHLI
বিৰাট কোহলী (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 7, 2024, 1:03 PM IST

স্প’ৰ্টছ ডেস্ক: টেষ্ট ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ ৷ যাৰ বাবে একপ্ৰকাৰ লোকচানৰ সন্মুখীন হৈছে ক্ৰিকেটাৰগৰাকী ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাত বেটেৰে উজ্বলি উঠাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল বিৰাট কোহলী ৷ কোহলীৰ এই প্ৰদৰ্শনত সমানে হতাশ হৈছিল অনুৰাগীসকল ৷ যাৰ প্ৰভাৱ পোনপটীয়াকৈ পৰে বিশ্ব টেষ্ট ৰেংকিঙত ৷

বিগত 10 বছৰত প্ৰথমবাৰৰ বাবে বিৰাট কোহলী বিশ্ব টেষ্ট ৰেংকিং তালিকাত শীৰ্ষ 20 ৰ পৰা বাহিৰ হৈছে ৷

10 বছৰত প্ৰথমবাৰৰ বাবে শীৰ্ষ 20 ৰ পৰা বাহিৰ বিৰাট কোহলী

বিশ্ব টেষ্ট ৰেংকিঙত আঠটা স্থান অৱনমিত হৈ বিৰাট কোহলী বাহিৰ হৈছে শীৰ্ষ 20 ৰ পৰা ৷ সম্প্ৰতি এই তালিকাত 22 নং স্থানত আছে ভাৰতীয় তাৰকা বেটছমেনগৰাকী ৷

2014 চনৰ ডিচেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে হৈছে, য’ত বিৰাট কোহলী শীৰ্ষ 20 ৰ পৰা বাদ পৰিছে ৷ বিগত 10 বছৰ ধৰি বিশ্বৰ শীৰ্ষ 20 গৰাকী টেষ্ট বেটছমেনৰ তালিকাত আধিপত্য বিস্তাৰ কৰি আহিছিল খেলুৱৈগৰাকীয়ে ৷

লগতে পঢ়ক: কিহৰ বাবে হঠাতে মাংস এৰাৰ সিদ্ধান্ত ল’লে বিৰাট কোহলীয়ে ?

বিৰাটৰ পিছতে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মায়ো নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰদৰ্শনত ব্যৰ্থ হোৱাৰ পিছত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে । দুটা স্থান অৱনমিত হৈ ৰোহিত শৰ্মাই লাভ কৰিছে 26 নং স্থান ৷

ভাৰতৰ আন আন বেটছমেনসকল ক্ৰমে যশস্বী জয়ছোৱালে এটা স্থান অৱনমিত হৈ তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে । নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত 90 ৰাণৰ বৰঙণি যোগোৱা যুৱ খেলুৱৈ শুভমন গিলে ৰেংকিঙত চাৰিটা স্থান উন্নীত হৈ 16 নং স্থানত উপনীত হৈছে ।

লগতে পঢ়ক: ক্ৰিকেটত এহাজাৰতকৈও অধিক চাৰি কোবোৱা ক্ৰিকেটাৰৰ তালিকাত কোন ভাৰতীয় - 1000 PLUS FOURS IN CRICKET

প্ৰকৃততে বিৰাট কোহলীৰ প্ৰদৰ্শন বিগত কেইবছৰমানত যথেষ্ট হতাশাজনক আছিল । তেওঁ টেষ্ট ক্ৰিকেটত স্পিন বলাৰৰ সন্মুখত ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে আৰু কম সময়ৰ ভিতৰতে হেৰুৱাইছে উইকেট ।

বিগত পাঁচ বছৰ ধৰি বিৰাটৰ টেষ্ট পৰিসংখ্যাৰ বিষয়ে চাবলৈ গ’লে, সেয়া অতি হতাশাজনক হোৱা দেখা গৈছে ৷ 2020 চনৰ পৰা 2024 চনলৈ চাবলৈ গ’লে বিৰাটৰ বেটৰ পৰা বাহিৰ হৈছে মাত্ৰ দুটা শতক, যিটো 2023 চনত অৰ্জন কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

লগতে পঢ়ক: ক্ৰিকেটত অন্ত পৰিব নেকি ৰোহিত-বিৰাট যুগৰ ? পোহৰলৈ আহিল এই তথ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.