ETV Bharat / bharat

ট্ৰাম্পলৈ ফোন নৰেন্দ্ৰ মোদীৰ; ঐতিহাসিক বিজয়ৰ বাবে জনালে অভিনন্দন

Modi call Donald Trump: দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প । টেলিফোনযোগে ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

Modi call Donald Trump
ঐতিহাসিক বিজয়ৰ বাবে ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ (ANI)
author img

By ANI

Published : Nov 7, 2024, 12:41 PM IST

নতুন দিল্লী : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ড'নাল্ড ট্ৰাম্প । বিশ্বৰ নেতাসকলে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ লগতে ৰিপাব্লিকান পাৰ্টিৰ সফলতাৰ বাবে ট্ৰাম্পক উষ্ম অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ট্ৰাম্পৰ চমৎকাৰী আৰু সুন্দৰ বিজয়ে তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ ওপৰত আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰে । ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ ইতিবাচক গতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্মৰণীয় বাৰ্তালাপৰ কথা স্মৰণ কৰে । যাৰ ভিতৰত আছে ২০১৯ চনৰ ছেপ্টেম্বৰত হিউষ্টনত হোৱা হাওডি মোদী অনুষ্ঠান আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আহমেদাবাদত নমস্তে ট্ৰাম্প অনুষ্ঠান ।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ লগতে বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ গুৰুত্বৰ কথা দোহাৰে । তেওঁলোকে প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু অন্যান্য কেইবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ড'নাল্ড ট্ৰাম্পৰ সৈতে হোৱা কথোপকথনৰ বিৱৰণ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে । প্ৰধানমন্ত্ৰীয়ে ড'নাল্ড ট্ৰাম্পক অভিনন্দন জনাই কয় যে তেওঁ ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ সহযোগিতা পুনৰ আৰম্ভ কৰিবলৈ আশাবাদী ।

লগতে পঢ়ক :ট্ৰাম্পৰ বিজয়; কেনেদৰে লাভান্বিত হ'ব ভাৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.