ETV Bharat / bharat

ভাৰতত COVID-১৯ : ৰাজ্যিক ভিত্তিত পৰিসংখ্যা

দেশত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা । দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত তথা মৃতকৰ সংখ্যা । শনিবাৰে পুৱা ৮ বজালৈ ভাৰতত ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল ১,৯৮১ জন লোকৰ । আনহাতে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ১৭,৮৪৬ গৰাকী আক্ৰান্তই ।

author img

By

Published : May 9, 2020, 11:43 AM IST

COVID-19 India tracker: State-wise report

নিউজ ডেস্ক, ৯ মে' : বিশ্বজুৰি সন্ত্ৰাসৰ কাৰক হৈ পৰিছে কৰ'ণা ভাইৰাছ তথা COVID-১৯ মহামাৰী । ভাৰতবৰ্ষতো অব্যাহত আছে এই ভাইৰাছৰ বিভীষিকা । দেশত বৰ্তমান অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন । কিন্তু ইয়াৰ মাজতো দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শনিবাৰে পুৱা ৮ বজালৈ ভাৰতবৰ্ষত মুঠ ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । স্বাস্থ্য় মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা তথ্যত প্ৰকাশ পাইছে এই পৰিসংখ্যা ।

COVID-১৯ : ৰাজ্যিক ভিত্তিত পৰিসংখ্যা পুৱা ৮ বজালৈ

স্বাস্থ্য মন্ত্ৰণালয় এই ৱেবচাইট অনুসৰি পুৱা ৮ বজা পৰ্যন্ত ৫৯,৬৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পঞ্জীয়নকৃত হোৱাৰ বিপৰীতে ১,৯৮১ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল ।

অৱশ্য়ে পুৱা ১০ বজালৈ এই পৰিসংখ্যা বৃদ্ধি পাইছে-

  • আক্ৰান্ত - ৫৯,৭৬৪ গৰাকী
  • মৃত্যু- ১,৯৮৬ গৰাকী
  • আৰোগ্য- ১৭,৮৯৭ গৰাকী
  • সক্ৰিয় ঘটনা- ৩৯,৮৭৭ টা

ভাৰতৰ ভিতৰতেই আটাইতকৈ বেছি এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হোৱা ৰাজ্য দুখন হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাট । মহাৰাষ্ট্ৰত ১৯,০৬৩ টা ঘটনা পোহৰলৈ অহাৰ বিপৰীতে গুজৰাটত ধৰা পৰিছে ৭,৪০৩ টা আক্ৰান্তৰ ঘটনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.