নেশ্যনেল ডেস্ক, 3 মে': কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, দেওবাৰে ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যা মুঠ 39,980 গৰাকীলৈ বৃদ্ধি পায় ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটতত প্ৰকাশ কৰা অনুসৰি, 3 মে'ৰ ৰাতিপুৱা 8 বজালৈ 1,301 গৰাকী লোকৰ মৃত্যুসহ আক্ৰান্তৰ সংখ্যা 39,980 গৰাকীলৈ বৃদ্ধি পায় । কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত 12,296 গৰাকী আক্ৰান্তৰে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ । ইয়াৰ বিপৰীতে গুজৰাট আছে 5,054 সংখ্যাৰে দ্বিতীয় স্থানত ।
লগতে পঢ়কঃ কৰ'ণা ভাইৰাছে ভাৰতত ৰূপ সলাইছে নেকি : ICMR ৰ অধ্যয়ন