নতুন দিল্লী, 16 এপ্ৰিলঃ ভাৰতত COVID-19 আক্ৰান্তৰ মুঠ সংখ্যা 12,380 গৰাকীলৈ বৃদ্ধি পাইছে । ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য ।
স্বস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত 16 এপ্ৰিলৰ পুৱা 8 বজাত উপলব্ধ হোৱা তথ্য অনুসৰি ভাৰতত মুঠ পজিটিভ কেচ 12,328, আৰু তাৰে ভিতৰত মৃত্যু হৈছে 414 জনৰ আৰু অৰোগ্য লাভ কৰিছে 1,488 জনে । ইপিনে ৰাজ্যৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰত সৰ্বাধিক 2,916 গৰাকী COVID-19 পজিটিভ পোৱা গৈছে । আনহাতে দিল্লীত 1,578 টা পজিটিভ কেচ পোৱা গৈছে ।