নতুন দিল্লী,11 আগষ্ট: পুনৰ ভাৰতত বিগত 24 ঘণ্টাত 53,601 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 871 গৰাকী লোকে ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে দেশত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 22,68,675 গৰাকীলৈ ৷ আক্ৰান্তসকলৰ ভিতৰত 15,83,489 গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 45,257 গৰাকী লোকে ৷

ভাৰতৰ ভিতৰত সৰ্বাধিক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,45,042 গৰাকীলৈ ৷ চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি, বৰ্তমান দেশত 28.21 শতাংশ লোক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ ভিতৰত 69.80 শতাংশ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে 1.99 শতাংশ লোকৰ মৃত্যু ঘটিছে ৷
লগতে চাওকঃ ক'ভিড-19 : 10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক