ETV Bharat / bharat

COVID-১৯ঃ ভাৰতত নতুনকৈ ১৩,০৮৩ জন আক্ৰান্ত

শনিবাৰ পৰ্যন্ত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৭,৩৩,১৩১ জনলৈ বৃদ্ধি । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৯ জানুৱাৰীত ৭,৫৬,৩২৯টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ।

ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৭,৩৩,১৩১ জনলৈ বৃদ্ধি

author img

By

Published : Jan 30, 2021, 3:42 PM IST

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০৭,৩৩,১৩১ জনলৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰিছে যে, ২৪ ঘণ্টাত দেশত নতুনকৈ ১৩,০৮৩ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে ১,০৪,০৯,১৬০ গৰাকী লোক আৰোগ্য হৈ উঠিছে । এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৬.৯৮ শতাংশলৈ বৃদ্ধি হৈছে । মহামাৰীৰ কবলত পৰি নতুনকৈ ১৩৭ জনে প্ৰাণ হেৰুৱাইছে ।

COVID-১৯ত আক্ৰান্ত হৈ এতিয়ালৈকে দেশত ১,৫৪,১৪৭ জন লোকৰ মৃত্যু হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমান দেশত ১,৬৯,৮২৪টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, এতিয়ালৈকে দেশত মুঠ ১৯,৫৮,৩৭,৪০৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে । শুক্ৰবাৰে ৭,৫৬,৩২৯টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল ।

লগতে পঢ়ক:দেশজুৰি কৃষকে পালন কৰে 'সদ্ভাৱনা দিৱস'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.