ETV Bharat / bharat

COVID-১৯ : ভাৰত মাতৃ আৰু বিদেশত থকা সন্তানসকল !

author img

By

Published : Apr 14, 2020, 1:36 PM IST

Updated : Apr 14, 2020, 1:44 PM IST

কৰ’ণা ভাইৰাছে সৃষ্টি কৰা অপ্ৰত্যাশিত সংকটৰ বাবে ভাৰত মাতৃ আৰু সন্তানসকলৰ সম্পৰ্কৰ প্ৰতি বিপদ আহি পৰিছে । এই সংকটে ভাৰতীয় বংশোদ্ভৱ লোক থকা বা কাম কৰি প্ৰতিষ্ঠা লাভ কৰা বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে । বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ৩০ মিলিয়ন লোকে যদি ভাৰতৰ পৰা সহায় বিচাৰে বা আহিব বিচাৰে ভাৰতৰ ভূমিকা সলনি হোৱাটো নিশ্চিত । বাহিৰত থকা এই লোকসকলে জীৱন হেৰুওৱাৰ লগতে বিভিন্ন আলৈ-আহুকালৰ আশংকাও আছে । যদি কৰ’ণা ভাইৰাছৰ তাণ্ডৱ বন্ধ নহয় আৰু বিশ্বৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ নহয়, ভাৰতৰ ওপৰত নিশ্চিতভাৱে গধুৰ বোজা পৰিব ।

Impact on Mother India and her Children Abroad

যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্তত জাতীয়তাবাদ বৃদ্ধি পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভাৱধাৰা হ্ৰাস পাইছে, তেনে প্ৰেক্ষাপটত ভাৰতে যথেষ্ট বাহ্যিক সহায় আশা কৰিব নোৱাৰে । চীনৰ অহং মনোবৃত্তিৰ বাবে ৰাষ্ট্ৰসংঘ বিবুদ্ধিত পৰিবলগীয়া পৰিস্থিতি আহি পৰিছে । আনকি ট্ৰাম্পৰ অত্যাধিক ৰাষ্ট্ৰীয়তাবাদক তীব্ৰ সমালোচনা কৰা ইউৰোপীয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসকলে সকলো দেশকে নিজে নিজে যুঁজিবলৈ দি নিজকে সুৰক্ষিত কৰাত সোমাই পৰিছে । ছাৰ্ক, জি-২০ আৰু জি-৭ ৰ ভাৰ্চুৱেল আলোচনাবোৰে ভাইৰাছবিধৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজাৰ কোনো পৰিকল্পনাৰ সৃষ্টি নকৰিলে ।

কেতিয়াও অস্ত নোহোৱা প্ৰবাসী ভাৰতীয়ৰ এক বিশাল সাম্ৰাজ্য থকা বুলি গৰ্ব কৰা দেশ এখনক বৰ্তমানৰ গোলকীয় অতিমাৰীয়ে পূৰ্বৰ সাম্ৰাজ্যবোৰৰ কথা সোঁৱৰাই দিয়ে যিবোৰ সা-সম্পদেৰে পৰিপূৰ্ণ হোৱাৰ পাছতো ধ্বংস হৈছিল । প্ৰবাসী ভাৰতীয় সমাজখন ধন, প্ৰযুক্তি আৰু বৌদ্ধিক শক্তিৰ উৎস হিচাপে পৰিগণিত হৈ আহিছে । ভাৰতৰ অৰ্থনীতি উদাৰীকৰণ কৰাৰে পৰা উন্নত দেশবোৰত সমৃদ্ধিশালী ভাৰতীয় সমাজ আৰু আৰৱীয় দেশলৈ ভাৰতৰ প্ৰব্ৰজনকাৰী কৰ্মচাৰীৰ সংখ্যা বৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিৰ কামিহাড় হিচাপে কাম কৰি আছে । ইষ্ট ইণ্ডিয়া কোম্পানী আৰু স্কটলেণ্ড ৱাৰ্ডৰ দৰে বৃহৎ কোম্পানী নিজৰ হাতলৈ আনি আৰৱৰ ব্যৱসায়ীসকলে ব্ৰিটিছৰ সাম্ৰাজ্যক আঘাত হানিছিল । ৩০ মিলিয়ন প্ৰবাসী ভাৰতীয়ৰ মুঠ শক্তিয়ে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চমুকৈ জি ডি পিক চেৰ পেলাব বুলি অনুমান কৰা হয় । ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ত ভাৰতে তেওঁলোকৰ সহায় আশা কৰিব পাৰে ।

লগতে পঢ়ক : COVID-19: সাহায্য দিবলৈ ছিত্ৰশিল্প নিলাম উড়িশাৰ বলুকা শিল্পী

প্ৰবাসী ভাৰতীয় সমাজৰ ইতিহাসলৈ চালে দেখা যায় যে দেশৰ পৰা হোৱা বিভিন্ন স্তৰৰ প্ৰব্ৰজনসমূহ আছিল অসংগঠিত । উন্নত দেশসমূহত সময়ে সময়ে দেখা দিয়া বিভিন্ন চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাপন আৰু সমৃদ্ধিৰ বাবে নিজস্ব প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতৰ পৰা বিভিন্ন বৃত্তিধাৰী লোকৰ প্ৰব্ৰজন ঘটে । এসময়ত এয়া ব্ৰেইন ড্ৰেইন বা মেধাৰ বৰ্হিগমন হিচাপে ধৰা হৈছিল । কিন্তু এয়া এতিয়া ব্ৰেইন গেইন হৈ পৰিছে । কিয়নো ভাৰতত যথেষ্টসংখ্যক বৌদ্ধিক শক্তি উপলব্ধ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰব্ৰজনৰ দুৱাৰ খুলি দিয়াৰ লগে লগে বহু ভাৰতীয় বৃত্তিধাৰী লোকে দেশখনলৈ ঢাপলি মেলে আৰু কম সময়ৰ ভিতৰত আৰ্থিকভাৱে প্ৰতিষ্ঠা লাভ কৰে । প্ৰযুক্তিৰ বিকাশৰ লগে লগে আমেৰিকাত ভাৰতীয় লোকসকলৰ জনসংখ্যা বৃদ্ধি পায় । কিয়নো প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাৰতীয়সকলৰ দখল অদ্বিতীয় বুলি ক’ব পাৰি । কোনো ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অংশস্বৰূপে এই প্ৰব্ৰজন ঘটা নাছিল আৰু কোনো ধৰণৰ পৰিসংখ্যা ৰখা হোৱা নাছিল । মাত্ৰ কিছুসংখ্যকহে ভাৰতীয় মিছনৰ সৈতে পঞ্জীয়নভুক্ত ।

ইপিনে গালফ্ অঞ্চলত দক্ষ আৰু অৰ্ধ-দক্ষ কৰ্মচাৰীৰ বাবে সৃষ্ট সুযোগৰ ফলত হোৱা প্ৰব্ৰজনো আছিল অপৰিকল্পিত আৰু অপ্ৰত্যাশিত । ব্যক্তিগত প্ৰচেষ্টা, শোষণকাৰী অসাধু এজেণ্ট আদিৰ কাৰণত বিদেশত ভাৰতীয় কৰ্মচাৰীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ লয় । কিন্তু বহু প্ৰব্ৰজনকাৰী কৰ্মচাৰীয়ে ভাৰতৰ তুলনাত বহু পৰিমাণে ধন আৰৱীয় দেশসমূহত উপাৰ্জন কৰিবলৈ সক্ষম হয় । যাৰ ফলত এইসমূহ দেশলৈ অবিৰতভাৱে বাৰতীয় কৰ্মীৰ গমন বৃদ্ধি পাবলৈ লয় । ইয়াৰ ফলত ভাৰতীয় অৰ্থনীতিৰো পৰিৱৰ্তন ঘটে । দীৰ্ঘকালীন বিনিয়োগৰ সলনি ধনৰ অধিকাংশই সম্পত্তি বা অট্টালিকা আদি ক্ৰয়ত ব্যয় কৰা হয় । কিছু সংখ্যক প্ৰব্ৰজনকাৰীয়ে বহুত সা-সম্পত্তি কৰিবলৈ সক্ষম হয় । ইয়াৰ লগতে হোৱাইট কলাৰ জব বা উচ্চ পৰ্যায়ৰ চাকৰিও সৃষ্টি হয় । আৰৱীয় দেশসমূহৰ পৰা লাভ কৰা এই সুযোগৰ প্ৰতি লাহে লাহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহো আকৰ্ষিত হৈ পৰে আৰু প্ৰব্ৰজনকাৰীসকলৰ সৈতে এক পাৰস্পৰিক সম্পৰ্ক গঢ়ি উঠে । কঠোৰ শ্ৰম আৰু দৃঢ়তাৰ বাবে ভাৰতীয়সকলৰ থকা সুনামৰ ভিত্তিত গালফ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি উঠে ।

লগতে পঢ়ক : লক ডাউনৰ মাজতে শিৱ দ'লত সংঘটিত চুৰিকাণ্ড

বিদেশত থকা আমাৰ দূতাবাস, দিল্লী আৰু ৰাজ্যৰ ৰাজধানীসমূহত ব্যৱস্থা গ্ৰহণ কৰি ভাৰতে প্ৰবাসী সমাজখনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ লগতে বাৰ্ষিক প্ৰবাসী দিৱস আয়োজন আৰু প্ৰবাসী সন্মান প্ৰদান কৰা হয় । সমস্যাই দেখা দিয়াৰ লগে লগে সেইসমূহ সমাধান কৰা হৈছিল । যাৰ ফলত চৰকাৰ আৰু প্ৰবাসী ভাৰতীয়সকলৰ সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু সহযোগিতাৰ অনন্য কাহিনী হৈ পৰিছিল । চৰকাৰৰ হস্তক্ষেপ বিভিন্ন ক্ষেত্ৰত বহু পৰিমাণে সহায়ক হৈ পৰিছিল । ধনী প্ৰবাসীসকলে ভাৰতত ব্যাপক হাৰত বিনিয়োগ কৰিবলৈ লয় । ভাৰতীয় সমাজৰ এইসকল লোকৰ নেতাসকলক সমৰ্থনৰ বাবে ৰাজনৈতিক দলসমূহেও হেতা-ওপৰা লগাবলৈ লয় । তেওঁলোকে ৰাজনৈতিক দলসমূহক ধন যোগান ধৰে আৰু তাৰ বিপৰীতে বিভিন্ন ধৰণৰ সুযোগ লাভ কৰে । পৰিৱৰ্তিত ঘৰুৱা আইনৰ ফলত যেতিয়া প্ৰবাসী ভাৰতীয়সকল ভাৰতলৈ উভতি আহিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়াই চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে । তেওঁলোকক হয়তো বিদেশত ৰখাৰ বাবে চেষ্টা কৰা হয় অথবা ভাৰতত পুনৰ সংস্থাপনৰ বাবে ঋণ বা অনুদানৰ ব্যৱস্থা কৰা হয় ।

এক কথাত ক’বলৈ গ’লে আৰৱীয় দেশসমূহত থকা ভাৰতীয়সকলে ভাৰতৰ বিকাশত তেওঁলোকে অৱদান আগবঢ়োৱাৰ বিনিময়ত চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ গ্ৰহণ কৰে । প্ৰবাসীসকলে বিশ্বৰ বিভিন্ন প্ৰান্তত যেতিয়াই সমস্যাৰ সন্মুখীন হয় তেতিয়াই ভাৰতে সহায় কৰিবলৈ আগবাঢ়ি গৈছে । এয়া পূৰ্বৰ ভাৰতীয় নীতিৰ বিপৰীত স্থিতি । কিয়নো পূৰ্বে ম্যানমাৰ, কেৰিবিয়ান দেশসমূহত বা উগাণ্ডাত তেওঁলোকৰ আভ্যন্তৰীণ আইন-কানুনৰ বাবে যেতিয়া ভাৰতীয়সকলে সেইসমূহ দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তেতিয়া ভাৰত চৰকাৰে পুনৰ সংস্থাপনৰ বাবে আন একোৱেই কৰা নাছিল । ফিজিত ভাৰতীয়সকলৰ ওপৰত সামৰিক শাসনৰ আক্ৰোশৰ সময়ত ভাৰতৰ নীতিৰ পৰিৱৰ্তন ঘটে । তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত কমনৱেলথৰ পৰা ফিজিৰ সামৰিক চৰকাৰক বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : 3 মে' লৈ বৃদ্ধি লক্ ডাউনৰ সময় সীমা !

শ্বেইক্সপীয়েৰৰ খলনায়কৰ দৰে এনে সুখকৰ দৃশ্যত COVID-১৯ ৰ আবিৱৰ্ভাৱ ঘটে । ইয়াৰ ফলত সকলো উলট-পালট হয় আৰু নাটকৰ মূল চৰিত্ৰ দুটা সংঘাতত লিপ্ত হয় । বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী ভাৰতীয়সকলৰ ফলতেই প্ৰাৰম্ভিক অৱস্থাত ভাৰতত সংক্ৰমণ ঘটে । ভাৰতৰ প্ৰথমটো সংক্ৰমণৰ ঘটনা সংঘটিত হৈছিল কৰ’ণা ভাইৰাছৰ অভিকেন্দ্ৰ ৱুহানৰ পৰা অহা কেৰালাৰ এগৰাকী ছাত্ৰৰ লগত । তাৰ পাছত ইৰাণ, ইটালী, স্পেইনৰ দৰে অপ্ৰত্যাশিত স্থানৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা বহু ভাৰতীয় লোক ওলায় । যদি বিশ্বজুৰি বিমানসেৱা আৰু বিমান বন্দৰ বন্ধ কৰা নহ’লহেঁতেন হাজাৰ হজাৰ ভাৰতীয় লোক দেশত ভাইৰাছৰ সৈতে বা ভাইৰাছ অবিহনে উপস্থিত হ’লহেঁতেন । ইয়াৰ ফলত দেশৰ প্ৰতিটো খণ্ডতে জৰুৰী অৱস্থাৰ সৃষ্টি হ’লহেঁতেন । ভাৰতে ইতিমধ্যে বহুসংখ্যক দেশৰ পৰা আমাৰ নাগৰিকসকলক ওভতাই লৈ আহিছে । কিন্তু আশা কৰা লোকৰ সংখ্যা ভাৰতৰ সক্ষমতাক ইতিমধ্যে চেৰ পেলাইছে ।

সমস্যাৰ সন্মুখীন হোৱা লোকসকলে ভাৰতে তেওঁলোকক উভতাই আনিব নোৱৰাৰ বাবে যেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া সঁচাকৈয়ে চিন্তনীয় । তেওঁলোকৰ অধিকাংশই সেইসমূহ দেশলৈ নিজে গৈছিল । কোনেও ভবা নাছিল যে তেওঁলোকে তেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব আৰু অপ্ৰত্যাশিত সংকটত সহায় কৰিবলৈ ভাৰতক কিছু সময়ৰ প্ৰয়োজন হ’ব । বৰ্তমান লকডাউনৰ মাজতো যিহেতু ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে, তেনেস্থালত আমাৰ লোকসকলক ওভতাই আনিবলৈ প্ৰয়োগ কৰা হেঁচা ভয়াৱহ হৈ পৰিব । পৰিস্থিতিৰ অৱনতি ঘটা মধ্য প্ৰাচ্য আৰু আমেৰিকাৰ পৰা আমাৰ নাগৰিকসকলক আনিবলৈ হ’লে ভাৰতে পৰ্বত বগোৱাৰ দৰে কষ্ট কৰিব লাগিব । বিশ্বৰ দূৰ-দূৰণিৰ পৰা যদি সকলো ভাৰতীয় আহে তেন্তে কেনেধৰণৰ মানৱীয় সংকটৰ সৃষ্টি হ’ব সেয়া কোনেও কল্পনা কৰিব নোৱাৰে ।

লগতে পঢ়ক : কাৰ বিৰুদ্ধে যুঁজিব ভাৰতে : কৰ’ণা নে পাকিস্তান ?

COVID-১৯ ৰ এক দুৰ্ভাগ্যজনক দিশ এয়ে যে ইয়াক আমদানিকৃত বেমাৰ হিচাপে চোৱা হয় । সংক্ৰমণৰ ঘটনাৰ ট্ৰেজেডীটো আৰম্ভ হোৱাৰ সময়তে ভাৰতত উপস্থিত হোৱা বিদেশী আৰু স্বদেশী লোকসকলৰ লগত বহুসংখ্যক জড়িত । তাৰে কিছুসংখ্যকে তেওঁলোকে যে ভাইৰাছবিধ শৰীৰত কঢ়িয়াই ফুৰিছে সেই কথা নজনাকৈয়ে সমাজত মুকলিভাৱে ঘূৰি ফুৰিছিল । বহুসংখ্যকে ইচ্ছাকৃতভাৱে তেওঁলোক যে সংক্ৰমিত অঞ্চল ভ্ৰমণ কৰি আহিছে সেই কথা প্ৰকাশ কৰা নাছিল । আনকি এতিয়াও অধিকাংশ সংক্ৰমণ বাহিৰৰ পৰা উভতি অহা লোকৰ লগতে জড়িত । প্ৰতি দিনাই যেতিয়া কেৰালাৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ক’ভিড-১৯ ৰ পৰিস্থিতিৰ বিষয়ে প্ৰকাশ কৰে তেওঁ নতুন সংক্ৰমণৰ উৎস হিচাপে মধ্য প্ৰাচ্যৰ পৰা উভতি অহা লোকসকলৰ কথা উল্লেখ কৰিবলগীয়া হয় । যদিও সেইবোৰ প্ৰকৃত তথ্য, কিছুসংখ্যক লোক এনেধৰণৰ ভাগ-বাটোৱাৰাত অসন্তুষ্ট ।

এটা কথা ৰহস্যজনক যে বহুসংখ্যক উভতি অহা লোকৰ শৰীৰত উৰাজাহাজত উঠাৰ পাছতহে লক্ষণবোৰে দেখা দিয়ে । যিহেতু লক্ষণ দেখা দিয়াৰ প্ৰক্ৰিয়াটো দীঘলীয়া এই কথাটো বিশ্বাসযোগ্য নহয় । কিন্তু অসমাৰিক বিমান সেৱা খণ্ডত বহু বছৰৰ কাম কৰাৰ অভিজ্ঞতাসম্পন্ন এগৰাকী সমাজকৰ্মীৰ মতে এই দেশসমূহৰ মাজত চলাচল কৰা কম খৰচী বিমানৰ নিম্নমানৰ চাফাই ব্যৱস্থাপনা ইয়াৰ বাবে দায়ী হ’ব পাৰে । তেওঁৰ মতে সকলো বিমানৰ ক্ষেত্ৰতে বাঞ্চনীয় কৰা ছেনিটাইজেশ্বন স্প্ৰে এইসমূহ বিমানত কৰা নহয় ।

লগতে পঢ়ক : কোভিড-19 : চিআৰপিএফৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষ্টাৰ মেকিং প্ৰতিযোগিতা

এই কাহিনীত কোনো খলনায়ক নাই । ভাৰতৰ বাহিৰত থকা অন্ততঃ ভাৰতীয় নাগৰিকসকলৰ ভাৰতলৈ উভতি অহাৰ অধিকাৰ আছে । ভাৰত চৰকাৰৰো তেওঁলোকক গ্ৰহণ কৰাৰ দায়িত্ব আছে । ভাৰত মাতৃয়ে নিশ্চিতভাৱে বিদেশত থকা সন্তানসকলৰ প্ৰতি দায়িত্ব পালন কৰিব । ভাইৰাছবিধ নিয়ন্ত্ৰণলৈ নহা পৰ্যন্ত যিয়ে যি স্থানত আছে তাতে থকাৰ বাবে অধিকাংশ দেশে গ্ৰহণ কৰা স্থিতিক সন্মান কৰিব লাগিব । এই কথাটো বিশেষকৈ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীসকলৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য । কাৰণ পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতো তেওঁলোকক প্ৰয়োজন হ’ব ।

প্ৰবাসী ভাৰতীয়সকলৰ দুৰৱস্থাৰ বাবে ভাৰতৰ অৱহেলা আৰু উদাসীনতাৰ কথা আমি ইতিমধ্যে শুনি আহিছোঁ । কিন্তু সকলোৱে যদি একে সময়তে উভতি আহিবলৈ বিচাৰে তেনেহ’লে কোনেও এই বৃহৎসংখ্যক লোকৰ চলাচল পৰিচালনা কৰিব নোৱাৰে । প্ৰব্ৰজনকাৰী কৰ্মীসকলে স-সন্মানে সেইসমূহ দেশত কাম কৰাৰ লগতে ক্ষতিপূৰণ লাভ কৰিলে ভাৰতৰ লগতে আন দেশসমূহৰ প্ৰতিও উচিত কৰা হ’ব । ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভাৰতীয় প্ৰব্ৰজনাকীৰ শ্ৰমিকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ তেওঁলোকে কাহানিও সন্মুখীন হ’বলগীয়াটো উচিত নহয় ।

লগতে পঢ়ক : দেশবাসীলৈ সাতটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ !

গালফ যুদ্ধৰ সময়ত যিমান ক্ষীপ্ৰতাৰে ভাৰতে কুৱেইট আৰু ইৰাকৰ পৰা ভাৰতীয় কৰ্মচাৰীসকলক লৈ আহিছিল সেই কথাত সংশ্লিষ্ট দেশসমূহ সন্তুষ্ট হোৱা নাছিল । তেওঁলোকৰ মতে যিটো সময়ত প্ৰয়োজন আছিল সেই সময়তে ভাৰতীয় কৰ্মচাৰীসকলে সেইসমূহ দেশ ত্যাগ কৰি আহিছিল । এই ক্ষতি পূৰণ কৰাৰ লগতে আমাৰ কৰ্মচাৰীসকলক কুৱেইটলৈ ওভতাই পঠিয়াবলৈ ভাৰতক কিছু সময়ৰ প্ৰয়োজন হৈছিল । অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাৰ পৰা ভাৰতে সংশ্লিষ্ট দেশসমূহৰ সৈতে যোগাযোগ কৰিব লাগে যাতে ভাৰতীয়সকলে উৎকৃষ্ট স্বাস্থ্য সেৱা আৰু আন আন সুবিধাসমূহ লাভ কৰে । যদি তেওঁলোকে দৰমহা পাই থাকে আৰু জীৱন ধাৰণৰ সুবিধাসমূহ লাভ কৰে তেতিয়া তেওঁলোকৰ বহুতেই নিৰ্দিষ্ট দেশসমূহতে থাকি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব । যদি ঘৰলৈ উভতি অহাৰ বাবে দৌৰাদৌৰি আৰম্ভ হয়, ইয়াক নিয়ন্ত্ৰণ কৰাটো জটিল হৈ পৰিব । এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সংকট দূৰ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাটো উচিত ।

COVID-১৯ অতিমাৰীৰ অন্যতম বিশেষত্ব এয়ে যে ৰাছিয়ান ৰুলেটৰ দৰে জীৱন আৰু মৃত্যুৰ বিষয়টোৰ ওচৰত আন বহু মূল বিষয় গুৰুত্বহীন হৈ পৰে । কেৱল কাহিনী ক’বলৈয়ে নহয়, বিশ্বৰ নতুন শৃংখলটোক পথ নিৰ্দেশনা দিবলৈ কোন জীয়াই থাকিব সেয়া কোনেও ক’ব নোৱাৰে । কিন্তু বিশ্বৰ সকলো পিনে ভাৰতীয় লোকসকল সিঁচৰিত হৈ থাকিব । ভাৰত চৰকাৰে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে পাৰম্পৰিক লাভসূচক সম্পৰ্ক গঢ়ি তুলিব লাগিব । কিয়নো আমি জানো যে আমি ভাৰতীয়সকলক যিকোন ঠাইলৈ নিব পাৰোঁ, কিন্তু আমি ভাৰতবৰ্ষখনক লৈ যাব নোৱাৰোঁ ।

লেখক : টি পি শ্ৰীনিবাসন

লগতে পঢ়ক : হাজাৰীবাগত সতীৰ্থৰ হাতত নিহত মাওবাদী নেতা

Last Updated : Apr 14, 2020, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.