ETV Bharat / bharat

COVID-19 সন্দৰ্ভত মন্ত্ৰীসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্ধনৰ উচ্চস্তৰীয় বৈঠক - LOCK DOWN

দেশৰ কৰ'ণা ভাইৰাছ পৰিস্থিতি সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্ধনে মন্ত্ৰীসকলৰ সৈতে এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত কৰে । যত দেশৰ ৰাজ্যসমূহৰ হাস্পতাল ব্যৱস্থাৰ পৰা COVID-19 প্ৰয়োজজনীয় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ বিবৰণ দাঙি ধৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

কৰ'ণা ভাইৰাছ
COVID-19 ৰ পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীসকল সৈতে স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্ধনৰ উচ্চস্তৰীয় বৈঠক
author img

By

Published : Apr 26, 2020, 9:00 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্ধনে শনিবাৰে নতুন দিল্লীত উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত কৰে । মন্ত্ৰীৰ সৈতে অনুষ্ঠিত কৰা বৈঠকত দেশৰ কৰ'ণা ভাইৰাছ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

কৰ'ণা ভাইৰাছ
COVID-19 ৰ পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীসকল সৈতে স্বাস্থ্যমন্ত্ৰী হৰ্ষৱৰ্ধনৰ উচ্চস্তৰীয় বৈঠক

স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে,সমগ্ৰ দেশজুৰি COVID-19 ত আক্ৰান্তৰ সংখ্যা দুগুণে বৃদ্ধি পায় ৯.১ শতাংশ হৈছে । আৰু ভাৰতত নতুনকৈ আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত ৬ শতাংশ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে । যিটো প্ৰতিদিনৰ গড় হিচাপত চালে কম বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰণালয়ে ।

লগতে বৈঠকত COVID-19ৰ হাস্পতাল সমূহৰ লগতে দেশৰ সকলো কেইখন ৰাজ্যৰ আইচলেশ্যন বিছনা আৰু ৱাৰ্ড,পিপিই কীট,এন ৯৫মাস্ক,ড্ৰাগছ, ভেন্টিলেটৰ আৰু অক্সিজেন চিলিণ্ডাৰৰ পৰ্যাপ্ত বিৱৰণ দাঙি ধৰে ।

আনহাতে, সমগ্ৰ দেশজুৰি COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৰ্তমানলৈকে ৩.১ শতাংশ আৰু আৰোগ্য হোৱাৰ সংখ্যা ২০ শতাংশৰ অধিক বুলি উল্লেখ কৰে মন্ত্ৰণালয়ে । যি বিশ্বৰ অন্যান্য দেশতৰ হিচাপত COVID-19 প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আশাজনক বুলি উল্লেখ কৰে । আৰু দেশজুৰি দিয়া লক ডাউন সঠিক সময়ত ফলদায়ক পদক্ষেপ হিচাপে বিবেচিত হৈছে বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হৰ্ষৱৰ্ধনে ।

উল্লেখ্য যে, ভাৰতত বৰ্তমান পৰ্যন্ত COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছে ২৪,৫০৬ জন আৰু ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭৭৫ জন লোক । ট

লগতে চাওকঃ লক ডাউন 2.0 : সাহাৰ্য বিতৰণক লৈ ক’ত কি চলিছে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.