ETV Bharat / bharat

চৰকাৰে অৰ্ডাৰ কৰা 60,884 ভেন্টিলেটৰৰ 59,884 টা নিৰ্মাণ কৰিব ঘৰুৱা ফাৰ্মে

author img

By

Published : May 1, 2020, 11:34 PM IST

60,884 ভেন্টিলেটৰৰ 59,884 য়েই ঘৰুৱা নিৰ্মাতাই প্ৰস্তুত কৰি উলিয়াব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷ ঘৰুৱা চিকিৎসা সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে ঘৰুৱা নিৰ্মাতাক উৎসাহিত কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ ৷

ঘৰুৱা নিৰ্মাতাক উৎসাহিত কৰাৰ পদক্ষেপ
60,884 ভেন্টিলেটৰৰ 59,884 টা নিৰ্মাণ কৰিব ঘৰুৱা ফাৰ্মে

নেশ্যনেল ডেস্ক, 1 মে' : শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে যে, 60,884 ভেন্টিলেটৰ প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ইয়াৰে 59,884 ভেন্টিলেটৰ ঘৰুৱা নিৰ্মাতাই প্ৰস্তুত কৰি উলিয়াব আৰু 1,000 ভেন্টিলেটৰ আমদানী কৰা হ'ব ৷

COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজত ঘৰুৱা চিকিৎসা সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে ঘৰুৱা নিৰ্মাতাক উৎসাহিত কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

COVID-19 ৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত এক প্ৰেছ বিজ্ঞপ্তিত অংশগ্ৰহণ কৰি ফাৰ্মা সচিব পি. ডি. বাঘেলাই কয়, "বৰ্তমান দেশত 19,398 ভেন্টিলেটৰ মজুত আছে ৷ ঘৰুৱা নিৰ্মাতা ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডক 30,000 ভেন্টিলেটৰ, AgVa ক 10,000 ভেন্টিলেটৰ আৰু AMTZ ক 13,500 ভেন্টিলেটৰৰ অৰ্ডাৰ প্ৰদান কৰি হৈছে ৷"

অক্সিজেনান্দ অক্সিজেন ছিলিণ্ডাৰ সম্পৰ্কত তেওঁ কয় যে, দেশ এই ক্ষেত্ৰত স্বনিৰ্ভৰশীল ৷ 6,400 মেট্ৰিক টন অক্সিজেন প্ৰস্তুত কৰিব পৰা দেশৰ সামৰ্থ্য আছে আৰু ইয়াৰে 1,000 মেট্ৰিক টন চিকিৎসা খণ্ডত ব্যৱহাৰ হয় ৷ দেশত 5 টা বৃহৎ আৰু 600 টা লঘু অক্সিজেন নিৰ্মাণকাৰী সংস্থা আছে ৷ ইয়াৰোপৰি, দেশৰ 409 খন হাস্পতালত অক্সিজেন উৎপন্ন কৰিব পৰা ক্ষমতা থকাৰ লগতে 1,050 খন ক্ৰাইঅজেনিক টেংকাৰ থকা বুলি জনাই বাঘেলাই ৷

ইয়াৰোপৰি, চৰকাৰে 2.22 কোটি PPE কিটৰ অৰ্ডাৰ কৰিছে আৰু ইয়াৰে 1.42 কোটি ঘৰুৱা নিৰ্মাণকাৰী সংস্থাক প্ৰদান কৰাৰ লগতে 80 লাখ আমদানী কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.