মুম্বাই,24 মাৰ্চঃ কোভিড 19 ৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰিলায়েঞ্চ ইণ্ড্ৰাষ্টিজ লিমিটেডৰ তৰফৰ পৰা মুম্বাইত প্ৰথমখন চিকিৎসালয় স্থাপন কৰা হৈছে ৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতবৰ্ষৰ এয়া সম্পূৰ্ণ নিজা প্ৰচেষ্টা বুলিব পাৰি ৷ চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ ব্যয় সম্পূৰ্ণৰূপে ৰিলায়েঞ্চৰ ৷ ৰিলায়েঞ্চে মুকলি কৰা এই চিকিৎসালয়খনত আছুতীয়াকৈ এনেকুৱা এটা কক্ষ নিৰ্মাণ কৰিছে যাৰ জৰিয়তে কোভিড-19 ৰ সংক্ৰমণ নিয়ন্ত্ৰণত সহায় হয়৷ নিৰ্মাণ কৰা কক্ষটোত বিচনা,চিকিৎসালয়ৰ সকলো সা-সুবিধা, ভেণ্টিলেটৰ, ডাইলাচিছ আৰু ৰোগীক পৰ্যবেক্ষণ কৰা সকলো সা-সুবিধা মজুুত কৰা হৈছে ৷
মহাৰাষ্ট্ৰত বৰ্তমানলৈ কোভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা 107 জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ ভিতৰত আক্ৰান্ত তিনিজন লোক মৃত্যুমুখত পৰিছে ৷ মহামাৰী ৰোগটোৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ৰাজ্যখনত লক ডাউনৰ ব্যৱস্থা কৰিছে ৷ প্ৰয়োজনীয় সামগ্ৰী যেনে- গেলামাল, ফাৰ্মাচী, ৰন্ধন গেছ, আৰু এম্বুলেন্স সেৱাৰ বাহিৰে সকলো প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ লগতে সকলো লোককে ঘৰৰ ভিতৰত থকাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে ৷