ETV Bharat / bharat

ৰাজ্যসমূহক 24x7 নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্যক 24x7 সক্ৰিয় থকাকৈ হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱা সমুহৰ কঢ়িয়াই নিয়াত যাতায়াতৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়,তাৰ বাবে এই সেৱা সমূহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৷

ৰাজ্যসমূহক 24x7 নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ
ৰাজ্যসমূহক 24x7 নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ
author img

By

Published : Mar 26, 2020, 10:52 AM IST

নিউজ ডেস্ক, 26 মাৰ্চ: দেশত কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 দিনৰ বাবে সমগ্ৰ দেশত লক ডাউন ঘোষণা কৰাৰ পাছত বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্যক 24x7 সক্ৰিয় থকাকৈ হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে লক ডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱা সমুহৰ কঢ়িয়াই নিয়াত যাতায়াতৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়,তাৰ বাবে এই সেৱা সমূহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৷

গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ মুখ্য সচিব তথা আৰক্ষী প্ৰধান সকলক এই নিৰ্দেশনা সমূহক স্থল পৰ্যায়ত কাৰ্যকৰী হোৱাটো নিশ্চিত কৰাৰ লগতে জিলা পৰ্যায়ত বিশেষ কক্ষ স্থাপন কৰি 24 ঘণ্টাই ৰাইজৰ সহায় হোৱাকৈ হেল্পলাইন নম্বৰ সক্ৰিয় কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অন্য এক নিৰ্দেশনাৰ জৰিয়তে খাদ্য সামগ্ৰী তথা অন্য জৰুৰী বস্তুৰ নাটনিৰ অপপ্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ আৰু নাগৰিকৰ মাজত এই বিষয় সমূহকলৈ সজাগতাৰ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে চাওকঃ কৰ'ণা আক্ৰান্ত চীনক সহায়ৰ বাবে ভাৰতক ধন্যবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.