নিউজ ডেস্ক, 31 মাৰ্চঃ কৰ'ণা ভাইৰাচে পেলোৱা অৰ্থনৈতিক প্ৰভাৱৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । এই সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে ধৰি সকলো জনপ্ৰতিধিনিৰে এমাহৰ দৰমহাৰ পৰা 60 শতাংশ ধন কৰ্তন কৰা হ'ব ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু ভিন্ন গোটৰ কৰ্মচাৰীৰ সৈতে হোৱা বৈঠকৰ পাচত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী অজিত পাৱাৰে এই কথা অৱগত কৰে ।
পাৱাৰে বিভাগীয় জাননী প্ৰকাশ কৰি বিধান সভা আৰু বিধান পৰিষদৰ সমূহ সদষ্য তথা ৰাজ্যখনৰ স্থানীয় পৰিষদ তথা পঞ্চায়তৰ সদস্যসকলৰ পৰা মাৰ্চ মাহৰ দৰমহাৰ পৰা 60 শতাংশ কৰ্তনৰ নিৰ্দেশ প্ৰদান কৰে ।
কোভিড 19 ৰ বাবে বলবৎ হৈ থকা লক ডাউনৰ সময়ত পৰা অৰ্থনৈতিক প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি পাৱাৰে জনাই ।