নিউজ ডেস্ক,১৬ জুনঃ বিশেষজ্ঞ ফুটবলাৰ তত্বাবধায়ক ৰাফেল বেনিটিজ আৰু বাৰছিলনাৰ মিডিল ফিলডাৰ পাউলিনিয়ৰ লক ডাউনৰ মাজতে দুয়ো উপস্থিত হয় চীন দেশত। লক ডাউন শিথিল হোৱাৰ পিছতে দুয়ো নিজ নিজ কামৰ বাবে আগবাঢ়ে তাৰ আগতে ১৪ দিনকৈ কোৱাৰেন্টাইনত থাকিব লগীয়া হৈছিল । তাৰ পিছতে দালিনিয়াৰ প্ৰফেচনেল ফুটবল ক্লাৱৰ তত্বাৱধায়ক বেনটিজ ৬০ বছৰীয়া ব্যক্তি জনে টুইটাৰ যোগে নিজৰ অনুভবৰ বিষয়ে সদৰি কৰে কি দৰে মহামাৰী সময় অতিবাহিত কৰিছিল।
![কোভিড-১৯ ৰ মাজতে চীনত উপস্থিত ফুটবলৰ তত্বাবধায়ক বেনটিজ আৰু খেলুবৈ পাউলিনিয় CSLৰ বাবে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/paulinho_1606newsroom_1592306907_622.jpg)
উল্লেখযোগ্য যে যি সময়ত ক'ৰণা মহামাৰীৰ বাবে সমগ্ৰ দেশতে ক্ৰীড়া প্ৰতিযোগিত সমূহ আযোজন কৰিব পৰা নাই তাৰ মাজতে চীনত ২০২০-CSL আয়োজনৰ বাবে প্ৰস্তুত হোৱা দেখা গৈছে । চাংহাইত থকা কোভিড-১৯ৰ বিশেষজ্ঞ দলো সাজু কৰি ৰাখিছে যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ । যাতে প্ৰতিযোগিতা খন আয়োজন কৰিব পাৰি। খেলুৱৈসকলৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পূণ কৰি তুলিছে কৰ্তৃপক্ষই মাত্র আনুষ্ঠানিক ভাৱে ইয়াৰ তাৰিখ ঘোষণা কৰিবলৈ বাকী।